আমেৰিকা (America)ই ভাৰতক দিব (Give it to India) পঞ্চম প্ৰজন্মৰ এফ-৩৫ ষ্টেলথ বিমান (F-35 stealth aircraft)। কেৱল সেয়াই নহয়, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতক অধিক প্ৰতিৰক্ষা সঁজুলিও যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi)য়ে বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ (President of the United States) সৈতে দ্বিপাক্ষিক বৈঠকত (Bilateral meeting) মিলিত হয়। দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা আলোচনাত কেইবাটাও বিষয় উত্থাপন হৈছে। ইয়াৰে ভিতৰত এটা হৈছে ভাৰতৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত এফ-৩৫ যুদ্ধ বিমান।
যোৱা জানুৱাৰী মাহত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ সৈতে প্ৰতিৰক্ষা বিষয়ত বৃহৎ পদক্ষেপ ল’ব বুলি ইংগিত দিছিল। লগতে তেওঁ কয় যে আমেৰিকাই ভাৰতক অধিক প্ৰতিৰক্ষা সঁজুলি বিক্ৰী কৰিবলৈ সাজু। বৃহস্পতিবাৰৰ বৈঠকত সেই বিষয়ত সেউজ সংকেত দিয়ে ট্ৰাম্পে। আনহাতে, প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতৰ প্ৰতিৰক্ষা শক্তিশালী কৰাৰ ক্ষেত্ৰত আমেৰিকাই ‘উল্লেখযোগ্য ভূমিকা’ ল’বলৈ ওলাইছে।

দুয়োগৰাকী ৰাষ্ট্ৰপতিৰ মাজৰ এই বৈঠক চাৰি ঘণ্টা ধৰি চলে। কেৱল এফ-৩৫ যুঁজাৰু বিমানকে নহয়, জেভেলিন এণ্টি টেংক মিছাইলৰ বিষয়েও দুয়োগৰাকী ৰাষ্ট্ৰপতিৰ মাজত আলোচনা হয় । ইয়াৰ উপৰি সামৰিক সঁজুলি যেনে C130J Super Hercules, C-17 Globemaster 3, P-81 Poseidon বিমান, CH-47F Chinook, MH-60R Seahawks, AH-64E Apache, Harpoon misile, M777 howitzer, MQ-9B আদিক লৈও দুয়োখন দেশৰ মাজত আলোচনা হয়।
উল্লেখ্য যে দুদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে পুৱা আমেৰিকাত উপস্থিত হয় মোদী। প্ৰথমে ভাৰতীয় মূলৰ আমেৰিকাৰ চোৰাংচোৱা মুৰব্বী তুলসী গাবাৰ্ডক সাক্ষা কৰে। দুয়োপক্ষই সন্ত্ৰাসবাদ বিৰোধীকে ধৰি বিভিন্ন প্ৰতিৰক্ষা বিষয়ত দ্বিপাক্ষিক সহযোগিতাৰ বিষয়ে আলোচনা কৰে। ইয়াৰ পিছতে মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মাইক ৱাল্টজ আৰু ৰিপাব্লিকান নেতা বিবেক ৰামস্বামীৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকৰ অন্তত মোদীয়ে কয় যে প্ৰতিৰক্ষা, প্ৰযুক্তি আৰু নিৰাপত্তাৰ ওপৰত হোৱা আলোচনা ফলপ্ৰসূ হৈছে। ইয়াৰ পিছতে মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে বৈঠকত মিলিত হয়।