বৰ্তমান ৰাজ্যৰ ৰাজনীতিৰ চর্চাৰ শিৰোনামত আছে মুখ্যমন্ত্ৰীৰ এগৰাকী সংসদৰ পত্নীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগৰ বিষয়। ইতিমধ্যে সামাজিক মাধ্যমযোগে সাংসদ-পত্নীৰ বিৰুদ্ধে উত্থাপন কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ দাবী। এইবাৰ এই বিষয়টোৱে ৰাজ্যিক কেবিনেটত আলোচনাৰ বিষয় হ’বলৈ আগবাঢ়িছে।

হয়, সাংসদ তথা লোকসভাত বিৰোধী দলৰ উপ দলপতি গৌৰৱ গগৈৰ পত্নীৰ (Gaurav Gogoi wife) ভাৰতীয় নাগৰিকত্ব গ্ৰহণ নকৰা আৰু পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ সৈতে সম্পৰ্কৰ বিষয়টো আগন্তুক কেবিনেটত আলোচনাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈ সন্দৰ্ভত অতি আক্ৰমণাত্মক দৃষ্টিভংগী গ্ৰহণ কৰি এই বিষয়বোৰ কেবিনেট বৈঠকত বিশদভাৱে আলোচনাৰ কথা প্ৰকাশ কৰিছে।
এই সন্দৰ্ভত সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে লিখিছে, “অহা ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া অসম কেবিনেটৰ বৈঠকত ৰাজ্যৰ এগৰাকী সন্মানীয় সাংসদক লৈ সম্প্ৰতি প্ৰকাশ হোৱা তথ্যসমূহৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ ওপৰত প্ৰভাৱ আছে নেকি, সেই বিষয়ত আলোচনা কৰা হ’ব। সেই আলোচনাই বিষয়টো সম্পূৰ্ণ নিৰপেক্ষ আৰু পুংখানুপুংখভাৱে মূল্যায়ন কৰি পক্ষপাতহীন দৃষ্টিকোণেৰেই যিকোনো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাটো নিশ্চিত কৰিব৷”