একেটা ৰেজিমেণ্টতে আছিল দুয়োজন। মঙলবাৰে তেওঁলোক জম্মু-কাশ্মীৰ (Jammu and Kashmir)ৰ আখনূৰত নিয়ন্ত্ৰণ ৰেখা (Line of Control at Akhnoor)ত টহল দিবলৈ ওলাই গৈছিল। কিন্তু সেয়াই আছিল তেওঁলোকৰ শেষ যাত্ৰা। টহল দি থকা অৱস্থাত সন্ত্ৰাসবাদীয়ে স্থাপন কৰা আই ই ডি বিস্ফোৰণ (IED blast)ত নিহত হয় দুয়োজন সেনা কেপ্তেইন (Two army captains killed)।
তাৰে এজন হৈছে অধিনায়ক কৰমজিৎ সিং বাক্ষী (Karamjit Singh Bakshi) (২৭) আৰু আনজন হৈছে মুকেশ সিং মানহাছ (Mukesh Singh Manhas) (২৯)। কৰমজিতৰ ঘৰ ঝাৰখণ্ডৰ হাজাৰীবাগত। ১০ দিন পূৰ্বে ঘৰলৈ গৈ ঘৰৰ সকলোকে কৈছিল যে সেনাৰ এগৰাকী চিকিৎসকৰ লগত তেওঁৰ সম্পৰ্ক আছে।

তেওঁক বিয়া কৰাব বিচাৰে। ৫ এপ্ৰিলত বিয়াৰ দিনো নিৰ্ধাৰণ কৰা হয়। কৰমজিতৰ পিতৃ চৰ্দাৰ অজিন্দৰ সিঙৰ ৰেষ্টুৰেণ্টৰ ব্যৱসায় আছে। ইফালে একমাত্ৰ পুত্ৰৰ মৃত্যুত বাকৰুদ্ধ হৈ পৰিছে অজিন্দৰ।
কৰমজিতৰ খুড়াক দেৱীন্দৰ সিঙে কয় যে তেওঁৰ ভতিজাকে পাঁচ বছৰ পূৰ্বে সেনাবাহিনীত যোগদান কৰিছিল। কিন্তু মঙলবাৰৰ পৰা তেওঁলোকৰ জীৱনত সকলো ওলট-পালট হৈ পৰিছে। অন্যহাতে সম্বৰৰ ব্রিগেদিয়াৰ কামিলাৰ মানহাস পৰিয়ালতো বিয়াৰ প্রস্তুতি তুংগত উঠিছিল৷ কিন্তু মঙলবাৰৰ পৰা সেই ঘৰখনতো শোকৰ ছাঁ পৰে। মুকেশে বিয়া পাতিবলৈ ঘৰখন সজাই আছিল। কেইদিনমানৰ ছুটীৰ বাবে ঘৰলৈ আহি সকলো চোৱাচিতা কৰাৰ পিছত ২৮ জানুৱাৰীত পুনৰ কামত যোগদান কৰে। ২০ এপ্ৰিলত তেওঁৰ বিয়াৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু তাৰ পূৰ্বেই সকলো শেষ হৈ যায়।