ইণ্ডোনেছিয়া (Indonesia)ত আৰম্ভ কৰা হৈছে কৰ্ম সময়ৰ (Working hours) নতুন সময়সূচী (New Schedule)। দেশখনৰ চৰকাৰে অৱগত কৰিছে যে সকলো কাৰ্যালয় বা আন ঠাইত সপ্তাহত চাৰিদিন কাম (Work four days a week) কৰিব লাগিব। চাৰিদিনতকৈ বেছি কাকো কামত লগাব নোৱাৰিব। ফলত দেশখনত থকা কৰ্মচাৰীসকল অতি সুখী। আনহাতে, আন এক কৰ্মচাৰীৰ দলে কয় যে ইয়াৰ দ্বাৰা বহু লোকে চাকৰি হেৰুৱাব। ফলত এতিয়াৰে পৰা তাত থকা প্ৰতিষ্ঠানসমূহে তেওঁলোকৰ ওপৰত অতিৰিক্ত হেঁচা প্ৰয়োগ কৰিব। ইণ্ডোনেছিয়া চৰকাৰে প্ৰকাশ কৰা অনুসৰি, সমগ্ৰ দিনটো কাম কৰি থকাৰ সময়ত কৰ্মচাৰীসকলে পৰিয়ালৰ সৈতে কটাবলৈ সময় নাপায়। এই নতুন ব্যৱস্থাৰ ফলত তেওঁলোকে ঘৰতে অধিক সময় কটাব পাৰিব। তেওঁলোকে ইয়াক পাইলট প্ৰজেক্ট হিচাপে গণ্য কৰিছে।

চৰকাৰে কয় যে ব্যক্তিগত কোম্পানীয়ে ইচ্ছা কৰিলে কৰ্মচাৰীসকলক দহ ঘণ্টা কামত লগাই দিব পাৰে৷ ফলত তেওঁলোকে সপ্তাহত ৪০ ঘণ্টা কাম কৰিব পাৰে। ইয়াৰ পিছতে তাত থকা প্ৰতিষ্ঠানসমূহক এই বিষয়ে আৰু এবাৰ চিন্তা কৰিবলৈ কোৱা হৈছে। কাৰণ এই নিয়মটোৱে যদি সকলোতে কাম কৰিবলৈ আৰম্ভ কৰে, তেন্তে তেওঁলোকৰ সংগঠনবোৰ লোকচানৰ পথত আগবাঢ়িব। ফলত তেওঁলোকৰ প্ৰতিষ্ঠানসমূহ বন্ধ কৰাৰ বাহিৰে আন কোনো বিকল্প নাথাকিব।
আনহাতে, ইয়াৰ ফলত চৰকাৰী প্রতিষ্ঠান আৰু ব্যক্তিগত প্রতিষ্ঠানৰ মাজত বিবাদ হ’বলৈ গৈ আছে৷ যদি এনে পৰিস্থিতিৰ সৃষ্টি হয়, তেন্তে ভৱিষ্যতে ইণ্ডোনেছিয়াত কামত ডাঙৰ সমস্যাৰ সৃষ্টি হ’ব। যদি চাৰিদিন কাম কৰাৰ নিয়ম প্ৰৱৰ্তন কৰা হয়, তেন্তে এই চাৰিদিন কামৰ সময় বৃদ্ধি নকৰিলে ব্যক্তিগত কোম্পানীসমূহে বৃহৎ লোকচানৰ সন্মুখীন হ’ব লাগিব। ইণ্ডোনেছিয়াৰ বহু লোকে তাৰ ফলত চাকৰি হেৰুৱাব। ইফালে ইণ্ডোনেছিয়া চৰকাৰে সকলোকে বিষয়টো নতুনকৈ চিন্তা কৰিবলৈ কয়। তেওঁলোকৰ ফালৰ পৰা কোৱা হয় যে ইমান দিনে প্ৰতিষ্ঠানসমূহে নিজৰ বাবে বিপুল মুনাফা অৰ্জন কৰি আহিছে। সেই লাভত কিছু সময় কমাই দিলে বিশেষ অসুবিধা নহ’ব।