পাকিস্তানে (Pakistan) বুধবাৰে জম্মু-কাশ্মীৰৰ পুঞ্চ (Poonch of Jammu and Kashmir) জিলাত নিয়ন্ত্ৰণ ৰেখা (LoC)ত যুদ্ধবিৰতি চুক্তি উলংঘা (Ceasefire agreement violations) কৰে। ভাৰতীয় সেনাৰ তৰফৰ পৰা এই কথা প্ৰকাশ। আনহাতে, ভাৰতেও পাকিস্তানৰ এই আক্ৰমণৰ প্ৰতিশোধ লয়। ফলস্বৰূপে পাকিস্তানী সেনা বৃহৎ লোকচান’ৰ সন্মুখীন হয়।
আনহাতে, মঙলবাৰে জম্মু-কাশ্মীৰৰ আখনুৰ জিলাত নিয়ন্ত্ৰণ ৰেখাৰ (এলঅ’চি) কাষত সংঘটিত বিস্ফোৰণত দুজন সেনা নিহত হয় বুলি বুধবাৰে ভাৰতীয় সেনাই জনায়। এই ঘটনাটোৰ এদিন পিছতে পাকিস্তান সেনাই কৃষ্ণাঘাটি চেক্টৰত পুনৰ যুদ্ধবিৰতি উলংঘা কৰে। এইটোও অভিযোগ কৰা হৈছে যে কোনো প্ৰৰোচনা অবিহনে ভাৰতীয় সেনাৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰা হয়। ভাৰতীয় সেনায়ো ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়ে। সূত্ৰ অনুসৰি, পাকিস্তানী সেনাৰ যথেষ্ট হতাহত হৈছে।

অৱশ্যে পাকিস্তানে এতিয়ালৈকে এই সন্দৰ্ভত কোনো তথ্য দিয়া নাই। কিন্তু ক্ষতিৰ পৰিমাণ যথেষ্ট বুলি অনুমান কৰা হৈছে। ইফালে এজন পাকিস্তানী সেনা বিষয়াৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। যদিও ভিডিঅ’টোত কোনো তাৰিখ দিয়া নাই, বিষয়াজনক নিহত সেনাসকলক শেষ শ্ৰদ্ধা জনোৱা দেখা গৈছে।
উল্লেখযোগ্য যে বুধবাৰে সন্ধিয়া একেটা অঞ্চলতে হোৱা লেণ্ডমাইন বিস্ফোৰণত সেনাৰ এজন কনিষ্ঠ কমিছনড বিষয়া (জেচিঅ’) আহত হয় বুলি ভাৰতীয় সেনাই জনায়। মেন্ধাৰৰ বাসিন্দা জেচিঅ’গৰাকীয়ে নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত টহল দি থকা সময়ত দুৰ্ঘটনাটো ঘটে। আহত জোৱানজনক সেনা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।