প্ৰযুক্তিবিদ্যাৰ উচ্চ ডিগ্ৰীধাৰী আই আই টিয়ানৰ পৰা আৰম্ভ কৰি ৰয়েল এম্বেছাদৰলৈকে প্ৰয়াগৰাজৰ মহাকুম্ভত (Mahakumbh) বহুধৰণৰ সাধুক দেখিবলৈ পোৱা গৈছে। এইবাৰ আলোচনাত আনজন ব্যৱসায়ী বাবা।

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত দেখা গৈছে এজন সফল উদ্যোগীৰ সাধু হোৱাৰ কাহিনী। তেওঁ কয় যে বৰ্তমান তেওঁ গেৰুৱা কাপোৰ আৰু ৰুদ্ৰাক্ষ পিন্ধিলেও এসময়ত তেওঁ ১০০০ কোটি টকাৰ ব্যৱসায় মালিক আছিল। বিলাসী জীৱনশৈলীৰ মাজতো তেওঁ অনুভৱ কৰিছিল যে কেৱল ধন-সম্পত্তিয়ে প্ৰকৃত শান্তি আনিব নোৱাৰে। প্ৰকাশিত এটা ভিডিঅ’ত দেখা গৈছে যে মেলাৰ মাজেৰে খোজকাঢ়ি গৈ এজন ব্যক্তিয়ে আৰ্তজনক কম্বল বিতৰণ কৰিছে।
এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত নিমিষতে ভাইৰেল হৈ পৰে। ১২ ফেব্ৰুৱাৰীত মাঘী পূৰ্ণিমা উপলক্ষে মহাকুম্ভ মেলাত অসংখ্য লোকৰ সমাগম হয়। এই দিনটোত ডেৰ কোটিতকৈও অধিক ভক্তৰ সমাগম হোৱা বুলি জানিব পৰা গৈছে। প্ৰয়াগৰাজৰ বিপুল জনসমাগম নিয়ন্ত্ৰণত ৰাখিবলৈ কৰ্তৃপক্ষই নিৰাপত্তা অধিক শক্তিশালী কৰিছে। মাঘী পূৰ্ণিমাৰ দিনা তাত প্ৰায় ১০ লাখ সন্তৰ আবিৰ্ভাৱ হোৱা বুলি কোৱা হৈছে।
শেহতীয়াকৈ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে তেওঁৰ মাতৃ কোকিলাবেন আম্বানী, পুত্ৰ আকাশ আম্বানী আৰু অনন্ত আম্বানী, বোৱাৰী শ্লোকা আৰু ৰাধিকা, নাতি-নাতিনী পৃথ্বী আৰু বেদা আৰু ভগ্নীদ্বয় দীপ্তী ছালগাওকাৰ আৰু নীনা কোথাৰীৰ সৈতে কুম্ভমেলাত অংশগ্ৰহণ কৰে। ত্ৰিবেণী সংগমত ডুব দিয়ে আৰু পৰমাৰ্থ নিকেতন আশ্ৰমৰ স্বামী চিদ্দানন্দ সৰস্বতী মহাৰাজক সাক্ষাৎ কৰে। তাত মিঠাই আৰু লাইফ জেকেট বিতৰণ কৰে।