১০ বছৰীয়া পুত্ৰৰ সৈতে পঞ্জাবৰ পৰা আমেৰিকা (Us from Punjab)লৈ গৈছিল লাভপ্ৰীত কৌৰ (Lovepreet Kaur)। নতুন জীৱন আৰু উজ্জ্বল ভৱিষ্যতৰ আশাৰে তেওঁ নিজৰ সঞ্চিত ধনৰ বেছিভাগেই এজেণ্টজনক দিয়ে। প্ৰয়োজনীয় নথি-পত্ৰ প্ৰস্তুত কৰি আমেৰিকালৈ পঠোৱাৰ বাবে (To be sent to America) এজেণ্টজ (Agent)নে এক কোটি টকা দাবী (Rs 1 crore claim) কৰে। লাভপ্ৰীতেও সেই ধন সংগ্ৰহ কৰি দিয়ে। কিন্তু পঞ্জাবৰ এইগৰাকী মহিলাই কল্পনাও কৰিব পৰা নাছিল যে তেওঁৰ সপোন চূৰ্ণৃবিচূৰ্ণ হৈ পৰিব। আমেৰিকাত ভৰি দিয়ে যদিও অবৈধ বাসিন্দা (Illegal resident) হিচাপে তেওঁ পুনৰ ঘৰলৈ উভতি আহিবলগীয়া হয়।
যোৱা বুধবাৰে আমেৰিকাৰ পৰা ঘূৰাই পঠোৱা ১০৪ জন অবৈধ ভাৰতীয় বাসিন্দাৰ ভিতৰত আছিল লাভপ্ৰীত আৰু তেওঁৰ পুত্ৰও। তেওঁ কেনেদৰে আমেৰিকালৈ গৈছিল সেই কথা সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে। লাভপ্ৰীতৰ দাবী, এজেণ্টজনে আইনীভাৱে আৰু পোনপটীয়াকৈ আমেৰিকালৈ পঠিয়াব বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু কাৰ্যক্ষেত্ৰত সেয়া নহ’ল। কাপুৰথালা জিলাৰ ভোলাটৰ এইগৰাকী মহিলাই কয় যে তেওঁলোকক প্ৰত্যক্ষ পথেৰে নহয়, ঘূৰাই ঘূৰাই আমেৰিকালৈ নিয়াৰ ধৰণটো অতি ভয়ংকৰ আছিল।

লাভপ্ৰীতে কয় যে প্ৰথমে তেওঁলোকক কলম্বিয়াৰ মেডেলিনলৈ লৈ যোৱা হৈছিল। তাত দুসপ্তাহ কটোৱাৰ পিছত তেওঁক বিমানেৰে এল ছালভাডৰৰ ৰাজধানী ছান ছালভাডৰলৈ লৈ যোৱা হয়। তাৰ পৰা তিনি ঘণ্টাৰো অধিক সময় খোজকাঢ়ি গুৱেটামালা পায়গৈ। ইয়াৰ পিছত টেক্সি এখন লৈ মেক্সিকোৰ সীমান্তলৈ যায়। তাত দুদিন অপেক্ষা কৰি সীমান্ত পাৰ হৈ ২৭ জানুৱাৰীত আমেৰিকাত প্ৰৱেশ কৰে। কিন্তু আমেৰিকাত প্ৰৱেশ কৰাৰ লগে লগে সীমান্তত গ্ৰেপ্তাৰ কৰা হয়।
লাভপ্ৰীতে জনোৱা মতে, তেওঁলোকক কিয় গ্ৰেপ্তাৰ কৰা হ’ল সেয়া বুজিব পৰা নাছিল। তাৰ পৰা তেওঁলোকক আন এটা শিবিৰলৈ লৈ যোৱা হয়। পিছত তেওঁলোকক জনোৱা হয় যে তেওঁলোকক অবৈধভাৱে আমেৰিকাত প্ৰৱেশ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে। এই কথা শুনি লাভপ্ৰীত কান্দোনত ভাঙি পৰে। পিছত তেওঁলোকক দেশলৈ ঘূৰাই পঠিওৱাৰ কথা অৱগত কৰা হয়। লাভপ্ৰীতে কয়, “জীৱনৰ সঞ্চয়ৰ বেছিভাগ খৰচ কৰি আমেৰিকালৈ নতুন আশালৈ গ’লোঁ । সকলো সপোন ভাগি গʼল।”