দিল্লীৰ নিৰ্বাচন (Delhi election)ত পৰাজৰ সন্মুখীন (Facing defeat) হৈছে আম আদমি পাৰ্টীৰ মুৰব্বী (Aam Aadmi Party chief) অৰবিন্দ কেজৰিৱাল (Arvind Kejriwal)। তেওঁৰ প্ৰতিদ্বন্দ্বী আছিল বিজেপি নেতা (Rival BJP leader) প্ৰৱেশ বাৰ্মা। প্ৰৱেশে কেজৰিৱালক ৩ হাজাৰৰো অধিক ভোটত পৰাস্ত কৰে। দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক পৰাস্ত কৰাৰ পিছত এতিয়া ৰাষ্ট্ৰীয় ৰাজনীতিৰ দৃষ্টি প্ৰৱেশৰ ওপৰত নিবদ্ধ হৈছে।
তেওঁৰ সম্পূৰ্ণ নাম হৈছে প্ৰৱেশ চাহিব সিং বাৰ্মা (Pravesh Sahib Singh Verma)। এইবাৰৰ নিৰ্বাচনত কেজৰিৱালৰ বিৰুদ্ধে বিজেপিয়ে তেওঁক থিয় কৰাই এক ডাঙৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছিল। শনিবাৰে ভোটগণনা আৰম্ভ হোৱাৰ পিছৰে পৰা কেজৰিৱাল আৰু প্ৰৱেশৰ মাজত নিকট প্ৰতিদ্বন্দ্বিতা হয়। কিন্তু কেইটামান পৰ্যায়ৰ পিছতে ছবিখন সলনি হ’বলৈ ধৰে। পৰ্যায়ক্ৰমে আগবাঢ়ি যায় প্ৰৱেশ। সময় আগবাঢ়ি যোৱাৰ লগে লগে ছবিখন স্পষ্ট হৈ পৰে। অৱশেষত আপ প্ৰধানগৰাকীয়ে প্ৰৱেশৰ ওচৰত হাৰ মানিবলগীয়া হয়।

বিজেপিৰ এইগৰাকী নেতাৰ সম্পত্তিৰ পৰিমাণ জানেনে? নিৰ্বাচনী শপতনামা অনুসৰি, প্ৰৱেশৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৭৭.৮৯ কোটি । পত্নীৰ সম্পত্তি আছে ১৭ কোটি ৫৩ লাখৰ। কিন্তু ৭৭ কোটি সম্পত্তি থকা নেতাজনৰ ঋণৰ পৰিমাণো কম নহয়। নিৰ্বাচনী শপতনামা অনুসৰি, প্ৰৱেশৰ ঋণৰ পৰিমাণ হৈছে ৬২.৬০ কোটি টকা। শপতনামাত উল্লেখ কৰা অনুসৰি বিজেপি নেতাগৰাকীৰ উপাৰ্জনৰ উৎস ব্যৱসায়। প্ৰৱেশৰ আছে ৯ লাখ, ৩৬ লাখ আৰু ১১ লাখ টকাৰ তিনিখন এছ ইউ ভি।
প্ৰাক্তন বিজেপি নেতা তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চাহিব সিং বাৰ্মাৰ পুত্ৰ হৈছে প্ৰৱেশ। তেওঁৰ খুড়াক আজাদ সিং উত্তৰ দিল্লীৰ পূৰ্ণিগামৰ মেয়ৰ আছিল। তেওঁ দিল্লীতে পঢ়া-শুনা কৰিছিল। কলা শাখাৰ স্নাতক প্ৰৱেশে এম বি এ কৰে। ২০১৩ চনত ৰাজনীতিত অভিষেক প্ৰৱেশৰ। তেওঁ মেহৰৌলী সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। ২০১৪ চনত পশ্চিম দিল্লীৰ পৰা সাংসদ হয়। ২০১৯ চনতো উক্ত সমষ্টিৰ পৰা জয়ী হৈছিল। এইবাৰ বিধানসভা নিৰ্বাচনত কেজৰিৱালৰ বিৰুদ্ধে বিজেপিয়ে তেওঁক মনোনীত কৰিছিল।