দিল্লীত চৰকাৰ (Delhi Election) গঠনৰ দিশে আগবাঢ়িছে বিজেপি। ২৭ বছৰ পিছত ৰাজধানী ৰাজ্যখনত গেৰুৱা দলটোৱে চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে ।

আনহাতে, ২০১৩ চনৰ পিছত শাসকীয় দল আপে দিল্লীৰ শাসন ক্ষমতা হেৰুৱাবলৈ আগবাঢ়িছে। শেহতীয়া ভোটগণনাৰ প্ৰৱণতা অনুসৰি বিজেপিয়ে ৫১ খন আসনত আৰু আপে ১৯ খন আসন দখলৰ দিশে আগবাঢ়িছে। ইতিমধ্যে বিজেপিয়ে দিল্লীত বিজয় উৎসৱ উদযাপন আৰম্ভ কৰিছে।
আপৰ বাবে মোক্ষম আঘাত হৈছে দলটোৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পৰাজয়। নতুন দিল্লী সমষ্টিত তেওঁ বিজেপিৰ প্ৰৱেশ বাৰ্মাৰ হাতত পৰাস্ত হয়।
আনহাতে, বিজেপিৰ কৰ্ণেল সিঙৰ হাতত পৰাস্ত হয় আপৰ আন এগৰাকী শীৰ্ষ নেতা সত্যেন্দ্ৰ জৈন। শাকুৰবস্তি সমষ্টিত তেওঁ পৰাজয়বৰণ কৰে।
ইফালে দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোডিয়াও পৰাজয়ৰ সন্মুখীন হৈছে। বিজেপিৰ তৰবিন্দৰ সিং মাৰৱাহে মনীষ ছিছোডিয়াক জংপুৰা সমষ্টিত পৰৰাস্ত কৰে।
অৱশ্যে আম আদমি পাৰ্টীৰ জ্যেষ্ঠ নেত্ৰী তথা দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনা কালকাজী সমষ্টিৰ পৰা বিজয়ী হৈছে।
ভাৰতীয় জনতা পাৰ্টীৰ ৰমেশ বিধুৰীক পৰাস্ত কৰি তেওঁ জয়ী হয়।