চিবিল স্ক’ৰ (Cibil Score) ভাল নহ’লে বেংকে ঋণ নিদিয়ে। কিন্তু এই চিবিল স্ক’ৰে যদি বিয়াত বাধা জন্মায়, তেন্তে ইয়াতকৈ আচৰিত একো হ’ব নোৱাৰে। কিন্তু ইয়াৰ বাবেই মহাৰাষ্ট্ৰৰ মূৰ্তিজাপুৰত দুটা পৰিয়ালৰ মাজত বিবাদ হয় আৰু পৰিণতিত এখন বিয়া ভাঙি যায়।

প্ৰথমে দুয়োটা পৰিয়ালে ইজনে সিজনৰ লগত কথা পাতি লাহে লাহে বিবাহৰ দিশে আগবাঢ়ে। কিন্তু তাৰ পিছত এটা সমস্যাৰ সৃষ্টি হয়। কইনাৰ খুড়াকে দৰাৰ চিবিল স্ক’ৰ চাব বিচাৰে। সেইটো জানি দৰাৰ মূৰত আকাশী সৰগ ভাঙি পৰে।
দৰাৰ চিবিল স্ক’ৰ আছিল একেবাৰে নিম্ন। ইয়াৰ পিছতে কইনাপক্ষই ছোৱালী বিয়া দিবলৈ অস্বীকাৰ কৰে। কইনাৰ খুড়াকে কয় যে এতিয়া ডিজিটেল যুগ চলি আছে। দৰা এজনে যেনেদৰে কইনাৰ সকলো কথা পৰীক্ষা কৰে, একেদৰে দৰাজনৰো চিবিল স্ক’ৰ পৰীক্ষা কৰা উচিত।
যদি তেওঁৰ চিবিল স্ক’ৰ ভাল নহয় তেন্তে তেওঁ ভৱিষ্যতে বেংকৰ পৰা ঋণকে ধৰি অন্যান্য উপযোগী কাম কৰিব নোৱাৰিব। লগতে সেই দৰাজন আৰ্থিকভাৱে কিমান শক্তিশালী সেয়াও বুজিব নোৱাৰি। বিয়াৰ পিছত সমস্যা হ’ব। ইয়াৰ পৰা হাত সাৰিবলৈ এই বিয়া ভাঙি দিয়া হ’ল।
উল্লেখ্য যে ভাৰতীয় ৰিজাৰ্ভ বেংকে চিবিল স্ক’ৰ সন্দৰ্ভত নতুন নীতি প্ৰৱৰ্তন কৰিছে। অভিযোগ বৃদ্ধিৰ ভিত্তিত এই পৰিৱৰ্তন কৰা হৈছে। সহজ ঋণ অনুমোদনৰ বাবে ভাল চিবিল স্ক’ৰ অতি গুৰুত্বপূৰ্ণ।
নতুন নিয়ম অনুসৰি, ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা প্ৰতি ১৫ দিনৰ মূৰে মূৰে এবাৰ ক্ৰেডিট স্ক’ৰ আপডেট কৰা হ’ব। এই পৰিৱৰ্তনৰ ফলত বেংকসমূহে ঋণৰ ক্ষেত্ৰত অধিক সঠিক সিদ্ধান্ত ল’ব পাৰিব আৰু কম নম্বৰ স্ক’ৰ পোৱা লোকসকলক তেওঁলোকৰ স্ক’ৰ উন্নত কৰাৰ সুযোগ দিব।