অহা সপ্তাহত সংসদত উত্থাপন হ’ব নতুন আয়কৰ (Income Tax) আইন সন্দৰ্ভত বিধেয়ক। শুকুৰবাৰে সন্ধিয়া কেন্দ্ৰীয় কেবিনেট বৈঠকত এই বিধেয়কখনত ছীল-মোহৰ মৰা হয়। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ১৯৬১ চনৰ আয়কৰ আইন সংশোধন কৰি নতুন আয়কৰ আইনখন উত্থাপন কৰা হ’ব।

আয়কৰ আইনখনৰ ভাষা, আয়কৰ দাখিলৰ পদ্ধতি সৰল কৰি আয়কৰৰ সৈতে জড়িত আইনী গোচৰৰ সংখ্যা হ্ৰাস কৰাৰ বাবে আয়কৰ আইনখন সুশৃংখলিত কৰা হৈছে।
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অৱশ্যে এই বিধেয়কখনত খৰখেদা কৰিব বিচৰা নাই। সূত্ৰ অনুসৰি, নতুন আয়কৰ বিধেয়ক সংসদত উত্থাপন হোৱাৰ পিছত বিতং আলোচনাৰ বাবে বিত্ত মন্ত্ৰালয়ৰ সংসদীয় স্থায়ী সমিতিলৈ প্ৰেৰণ কৰা হ’ব।
বিত্ত মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, আইনখনৰ জটিল ভাষাক যিমান পাৰি সৰল কৰাৰ চেষ্টা কৰা হৈছে। ফলত সাধাৰণ মানুহে ইয়াক অতি সহজে বুজিব পাৰিব। আইনৰ ভাষা জটিল, দীঘল বাক্যৰ পৰিৱৰ্তে সহজ আৰু চুটি বাক্যৰে গঠিত কৰা হৈছে। যিমান পাৰি অস্পষ্টতাক কম কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে।
চৰকাৰৰ এক সূত্ৰ মতে, নতুন বিধেয়কখনত কৰ হাৰ সংশোধন কৰি কিছুমান গোচৰৰ সমাধানৰ ব্যৱস্থা কৰা হৈছে, যাতে বাজেটলৈ অপেক্ষা কৰিব নালাগে। যোৱা জুলাই মাহত তৃতীয় মোডী চৰকাৰৰ প্ৰথমখন বাজেটৰ সময়ত আয়কৰ আইনখনৰ সংস্কাৰৰ কথা ঘোষণা কৰা হৈছিল। ১ ফেব্ৰুৱাৰীৰ বাজেটত বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে নতুন আয়কৰ আইন বিধেয়কখন সংসদৰ চলিত অধিৱেশনত দাখিল কৰিবলৈ ওলাইছে।
বিত্ত মন্ত্ৰালয়ৰ বিষয়াসকলে ব্যাখ্যা কৰে যে ১৯৬১ চনত আয়কৰ আইন প্ৰণয়ন হোৱাৰ পিছত আৰ্থ-সামাজিক পৰিৱৰ্তন আহিছিল।
মানুহৰ জীৱিকা, উপাৰ্জনৰ ধৰণ, ব্যৱসায়িক পদ্ধতি সলনি হৈছে। এতিয়া আয়কৰ ৰিটাৰ্ণ দাখিল কৰাত প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে। আয়কৰ আইনখন বিগত ছয় দশকত বহু সংশোধনীৰ সন্মুখীন হৈছে। ফলত আয়কৰ আইনখন বুজিব নোৱৰা হৈ পৰিছে। সামগ্ৰিকভাৱে আইনৰ আকাৰ আধালৈ হ্ৰাস কৰাৰ চেষ্টা কৰা হৈছে।
বিত্ত মন্ত্ৰালয়ৰ বিষয়াসকলে কয় যে আয়কৰ আইনখন কেৱল সাধাৰণ মানুহৰ আয়কৰ নহয়, ইয়াৰ ভিতৰত কৰ্প’ৰেট কৰ, সম্পদ কৰ আদিও অন্তৰ্ভুক্ত কৰা হৈছে। আগতে ধন-সম্পত্তি, উপহাৰৰ ওপৰত কৰ আৰোপ কৰা হৈছিল। এতিয়া নহয়। ইয়াৰ পূৰ্বে মনমোহন চৰকাৰৰ দিনত প্ৰত্যক্ষ কৰ নিয়ম প্ৰৱৰ্তনৰ প্ৰয়াস কৰা হৈছিল।
২০১০ চনতো সংসদত প্ৰত্যক্ষ কৰ বিধেয়ক উত্থাপন কৰা হয়। ইয়াৰ পিছত স্থায়ী সমিতিলৈ প্ৰেৰণ কৰা হয়। কিন্তু কেন্দ্ৰত চৰকাৰ সলনি হোৱাৰ লগে লগে বিধেয়কখনৰ সময়সীমা শেষ হৈ যায়। মোডী চৰকাৰে আয়কৰ আইন সংস্কাৰৰ বাবে এখন কমিটী গঠন কৰে।