দিল্লী বিধানসভা নিৰ্বাচনৰ (Delhi Election) ভোট গণনা চলি আছে। ৰাজ্যখনৰ ৭০ খন বিধানসভা আসনৰ বাবে ১১ খন জিলাত স্থাপন কৰা মুঠ ১৯ টা ভোট গণনা কেন্দ্ৰত পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোট গণনা। প্ৰথম পৰ্যায়ত ডাক বেলট গণনা কৰা হয়।

শেহতীয়া ভোট গণনাৰ প্ৰৱণতা অনুসৰি বিজেপিয়ে প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই অগ্ৰগতি লাভ কৰিছে। ভোট গণনাৰ শেহতীয়া প্ৰৱণতা অনুসৰি বিজেপি ৩৯ খন আসনত আগবাঢ়ি আছে। আনহাতে, আপ আগবাঢ়ি আছে ৩১ খন আসনত। কংগ্ৰেছ এতিয়াও কোনো আসনত অগ্ৰগতি লাভ কৰা নাই।
উল্লেখযোগ্য যে মুঠ ৭০ খন আসনৰ দিল্লী বিধানসভাত চৰকাৰ গঠনৰ বাবে মেজিক নম্বৰ হৈছে ৩৬। আনহাতে, বুধবাৰে নিৰ্বাচনৰ পিছত প্ৰকাশ পোৱা সমীক্ষাত প্ৰায়বোৰ সংস্থাই এইবাৰ দিল্লীত বিজেপিয়ে চৰকাৰ গঠনৰ ভৱিষ্যতবাণী কৰিছে।