ধৰ্ষণ (Rape)ত বাধা দিয়াৰ বাবেই এগৰাকী গৰ্ভৱতী মহিলাক (Pregnant woman) চলন্ত ৰে’লৰ (Moving train) পৰা পেলাই দিয়াৰ (Allegations of throwing away) অভিযোগ উত্থাপন হৈছে। ঘটনাটো সংঘটিত হৈছে তামিলনাডুৰ কইম্বটুৰ (Coimbatore in Tamil Nadu)ত। তিৰুপতি ইণ্টাৰচিটি এক্সপ্ৰেছেৰে তিৰুপুৰৰ পৰা অন্ধ্ৰপ্ৰদেশৰ চিট্টোৰলৈ গৈ আছিল মহিলাগৰাকী। ৰে’লখনত তেওঁ অকলে যাত্ৰা কৰি আছিল। বৃহস্পতিবাৰে পুৱা ৬.৪০ বজাত মহিলাগৰাকীয়ে তিৰুপতী ইণ্টাৰচিটি এক্সপ্ৰেছৰ অসংৰক্ষিত ডবাত উঠিছিল। তেওঁ আছিল মহিলা ডবাত। তেওঁৰ লগত ডবাটোত আৰু সাতজন যাত্ৰী আছিল। পুৱা ১০.৩০ বজামানত ৰে’লখন জোলাৰপেটাই ষ্টেচনত উপস্থিত হয়। তাত মহিলাগৰাকীৰ ডবাৰ সাতজন যাত্ৰী নামি যোৱাত গৰ্ভৱতী মহিলাগৰাকী অকলে ডবাটোত আছিল।

আৰক্ষীৰ মতে, জোলাৰপেট্টাই ষ্টেচনৰ পৰা ৰে’লখন যোৱাৰ লগে লগে ডবাটোলৈ এজন যুৱক সোমাই আহে। অলপ সময় তেওঁ এখন আসনত বহে যদিও তেওঁৰ চকু কিন্তু মানুহজনীৰ ওপৰত আছিল। ইফালে ৰে’লখনৰ গতি বৃদ্ধি কৰাৰ লগে লগে যুৱকজন উঠি গৈ মহিলাগৰাকীৰ কাষত বহে। অভিযোগ অনুসৰি, তাৰ পিছত তেওঁ মহিলাগৰাকীক ধৰ্ষণ কৰিবলৈ চেষ্টা কৰে। কিন্তু মহিলাগৰাকীয়ে লাথি আৰু ঘোচাৰে যুৱকজনক বাধা দিবলৈ চেষ্টা কৰে। ফলত ধৰ্ষণত বাধা পাই যুৱকজনে মহিলাগৰাকীক দুৱাৰমুখলৈ টানি নি তেওঁক চলন্ত ৰে’লৰ পৰা পেলাই দিয়ে।
আৰক্ষীৰ মতে, স্থানীয় ৰাইজে কইম্বটুৰৰ পৰা কিছু দূৰৈত ৰে’লপথত পৰি থকা এগৰাকী মহিলাক উদ্ধাৰ কৰে। আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলাগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰায়। তেওঁ হাত, ভৰি আৰু মূৰত আঘাত পাইছে। ভেলোৰৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে গৰ্ভৱতী মহিলাগৰাকী। জানিব পৰা মতে, মহিলাগৰাকীয়ে পিতৃৰ ঘৰলৈ গৈ থকা সময়তে ঘটনাটো ঘটে। মহিলাগৰাকীৰ বক্তব্যৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে গোচৰ ৰুজু কৰি অভিযুক্তৰ সন্ধানত অভিযান চলাই আছে।