পিনাকা ৰকেট লঞ্চাৰৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ে (India defence deal) ১০ হাজাৰ কোটি টকাৰ চুক্তিত স্বাক্ষৰ কৰিছে। ইকন’মিক এক্সপ্ল’ছিভছ লিমিটেড (ই ই এল) আৰু মিউনিচন ইণ্ডিয়া লিমিটেডৰ (এম আই এল) সৈতে হোৱা এই চুক্তিৰ জৰিয়তে কেন্দ্রই পিনাকাত ব্যৱহাৰৰ বাবে দুবিধ ৰকেট ক্ৰয় কৰিব।

এই চুক্তিৰ জৰিয়তে ১০ হাজাৰ ১৪৭ কোটি টকা ব্যয় সাপেক্ষে দেশৰ প্ৰতিৰক্ষা ব্যৱস্থা আৰু অধিক উন্নত হ’ব বুলি মন্ত্ৰালয়ে জানিবলৈ দিয়ে। ইয়াৰ উপৰি ভাৰত ইলেক্ট্ৰ’নিকছ লিমিটেডৰ সৈতেও দেশৰ সামৰিক বাহিনীৰ বাবে বিশেষ চফটৱেৰ ‘শক্তি’ উন্নীতকৰণৰ বাবে চুক্তি স্বাক্ষৰিত হৈছে। বৃহস্পতিবাৰে প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙে কোম্পানীকেইটাৰ সৈতে চুক্তিত স্বাক্ষৰ কৰে।
দেশৰ আন পাঁচটা খণ্ডৰ দৰে ভাৰতবৰ্ষ প্ৰতিৰক্ষা খণ্ডতো ক্ৰমান্বয়ে ‘আত্মনিৰ্ভৰশীল’ হৈ পৰিছে। এসময়ত বিশ্বৰ উন্নত দেশৰ অস্ত্ৰ-শস্ত্ৰৰ প্ৰতি আগ্ৰহেৰে বাট চাই থকা ভাৰতে এতিয়া বিশ্বৰ কেইবাখনো দেশক অস্ত্ৰ-শস্ত্ৰ বিক্ৰী কৰি আছে।
আন্তঃৰাষ্ট্ৰীয় বজাৰত সৰ্বাধিক চাহিদা আছে ভাৰতৰ ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ। ইয়াৰ বাহিৰেও ভাৰতে বিভিন্ন দেশত কেইবাবিধো সামগ্ৰী বিক্ৰী কৰি আছে, য’ত আছে ডৰ্নিয়াৰ-২২৮ যুদ্ধ বিমান, ৰকেট লঞ্চাৰ, অগ্নিনিৰ্বাপক যন্ত্ৰ, ৰাতিও দেখা পোৱা বাইনোকুলাৰ, শত্ৰুৰ গতিবিধি ধৰা পেলাব পৰা ৰাডাৰ। এইবাৰ সেই তালিকাত যোগ হ’ল ‘পিনাকা ৰকেট লঞ্চাৰ’।
মাল্টি বেৰেল ৰকেট লঞ্চাৰ চিষ্টেম পিনাকাত দুটা পেড আছে। ইয়াৰে প্ৰতিটোতে ৬টা ৰকেট আছে। এই লঞ্চাৰে ৪৫ ছেকেণ্ডত ১২টা ৰকেট নিক্ষেপ কৰিব পাৰে। পিনাকাৰ পূৰ্বৰ ৰেঞ্জ আছিল ৪০-৪৫ কিলোমিটাৰ। বৰ্তমান ই ৭৫-৯০ কিলোমিটাৰলৈ বৃদ্ধি পাইছে। ইয়াক ট্ৰাকত ভৰাই এঠাইৰ পৰা আন ঠাইলৈ সহজে লৈ যাব পাৰি।