নতুন দিল্লীয়ে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক (Sheikh Hasina) ঢাকাক গতাই দিবনেকি? ইতিমধ্যে বাংলাদেশে হাছিনাক প্ৰত্যৰ্পণৰ দাবী জনাইছে। এই সন্দৰ্ভত ভাৰতলৈও এখন পত্ৰ প্ৰেৰণ কৰা হৈছে।

কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে বৃহস্পতিবাৰে এই প্ৰশ্নৰ উত্তৰত ভাৰত চৰকাৰৰ স্থিতি প্ৰকাশ কৰে। বাংলাদেশক এতিয়ালৈকে কোনো উত্তৰ দিয়া হোৱা নাই বুলিও তেওঁ কয়।
কেৰালাৰ চিপিএমৰ সাংসদ জন ব্রিটাছে ৰাজ্যসভাত হাছিনাক লৈ প্রশ্ন কৰে৷
মুঠতে তিনিটা প্ৰশ্নৰ উত্তৰ তেওঁ বিচাৰে—
১. বাংলাদেশে বিচাৰেনে তেওঁলোকৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী হাছিনাক প্ৰত্যৰ্পণ কৰাটো?
২. যদি হয় তেন্তে প্ৰত্যৰ্পণৰ ভিত্তি কি?
৩. ঢাকাৰ প্ৰতি ভাৰত চৰকাৰৰ সঁহাৰি কি?
এই প্রশ্নৰ উত্তৰত কেন্দ্রীয় বৈদেশিক পৰিক্রমা ৰাজ্যিক মন্ত্রীগৰাকীয়ে কয়, “বাংলাদেশে হাছিনাক প্রত্যর্পণৰ দাবী জনাইছে৷ ২০২৪ চনৰ ৫ আগষ্টত হাছিনা ভাৰতলৈ অহাৰ পূৰ্বে বাংলাদেশত সংঘটিত অপৰাধৰ ভিত্তিত প্ৰত্যৰ্পণৰ দাবী উত্থাপন কৰিছে। কিন্তু এই সন্দৰ্ভত এতিয়াও কোনো উত্তৰ বাংলাদেশ চৰকাৰলৈ প্ৰেৰণ কৰা হোৱা নাই।”
উল্লেখযোগ্য যে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে যোৱা ডিচেম্বৰ মাহত নতুন দিল্লীলৈ ‘কূটনৈতিক পত্ৰ’ প্ৰেৰণ কৰি হাছিনাক ঘূৰাই পঠোৱাৰ অনুৰোধ জনাইছিল। তেওঁলোকে দাবী কৰে যে হাছিনাৰ বিৰুদ্ধে একাধিক অপৰাধৰ অভিযোগ উত্থাপন হৈছে। ভাৰত চৰকাৰে উক্ত পত্ৰ লাভ কৰাৰ স্বীকাৰ কৰিছিল।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে হাছিনাৰ প্ৰত্যৰ্পণ সন্দৰ্ভত বাংলাদেশৰ পৰা তেওঁলোকে এখন পত্ৰ লাভ কৰিছে। কিন্তু এই সন্দৰ্ভত বৰ্তমান কোনো মন্তব্য কৰিব নোৱাৰি। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, নতুন দিল্লীয়ে প্ৰথমে পত্ৰখনৰ বৈধতা পৰীক্ষা কৰিব বিচাৰিছে।
কোনো এখন দেশৰ অন্তৱৰ্তীকালীন চৰকাৰে যদি কোনো ৰাজনৈতিক নেতাক আন এখন দেশৰ নিৰ্বাচিত চৰকাৰলৈ প্ৰত্যৰ্পণ কৰিব বিচাৰে তেন্তে আইনী দিশবোৰ চোৱা-চিতা কৰাটো প্ৰয়োজন। সেই প্ৰক্ৰিয়াত সময় লাগিব পাৰে। কিন্তু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই বিষয়ত কোনো আনুষ্ঠানিক মন্তব্য দিব বিচৰা নাছিল।
আনহাতে, বুধবাৰে নিশা পৰা পুনৰ বাংলাদেশত উত্তেজনা বিয়পি পৰে। ঢাকাৰ ৩২ নং ধনমণ্ডিত শ্বেখ মুজিবুৰ ৰহমানৰ ঘৰ ভাঙি পেলোৱা হয়।
হাছিনাৰ ঘৰটোও ভাঙি পেলোৱা হয়। বুধবাৰে নিশা হাছিনাই ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে বাংলাদেশী জনসাধাৰণক সম্বোধন কৰে। ইতিমধ্যে আৱামি লীগে সেই অনুষ্ঠানটোৰ প্ৰচাৰ কৰিছিল। ফলত হাছিনাৰ প্ৰতিদ্বন্দ্বীসকল ক্ষুব্ধ হৈ পৰে।
ভাষণ আৰম্ভ হোৱাৰ পূৰ্বে ধনমণ্ডিত সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰি মুজিবৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰে। ঘৰটোত জুই লগাই দিয়া হয়। বৃহস্পতিবাৰেও বাংলাদেশৰ বিভিন্ন অঞ্চলত বিক্ষিপ্ত অঘটনাৰ সৃষ্টি হয়। বিয়লি দেশখনৰ বিদেশ উপদেষ্টাগৰাকীয়ে কয় যে হাছিনাই ভাৰতৰ পৰা উচটনিমূলক বক্তব্য দিছে। ফলত বাংলাদেশৰ শান্তি বিঘ্নিত হৈছে।
ঢাকাই ভাৰতক হাছিনাক নীৰৱ কৰিবলৈও লিখিতভাৱে অনুৰোধ জনাইছে। ঢাকাত থকা ভাৰতীয় উপ-ৰাষ্ট্ৰদূতক মাতি অনা হয়। এনে পৰিস্থিতিত বহু লোকে হাছিনাক কেন্দ্ৰ কৰি দুয়োখন দেশৰ সম্পৰ্ক পুনৰ অৱনতি ঘটিব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে।