এইবাৰ ছুইডেনত বন্দুকধাৰীৰ আক্ৰমণ (Sweden attack)। মঙলবাৰে ছুইডেনৰ অবেৰো এখন বিদ্যালয়ত সংঘটিত গুলীচালনাত ১০ জন লোক নিহত হয়। এই আক্ৰমণক ছুইডেনৰ ইতিহাসৰ আটাইতকৈ মাৰাত্মক বন্দুকৰ আক্ৰমণ বুলি অভিহিত কৰা হৈছে। আনহাতে, আহত কেইবাজনো লোকৰ অৱস্থা সংকটজনক। আৰক্ষীয়ে জনোৱা মতে ঘটনাস্থলীত আক্ৰমণকাৰীৰো মৃত্যু হৈছে। এই আক্ৰমণৰ কাৰণৰ তদন্ত অব্যাহত আছে।

অৱশ্যে মৃতকৰ সংখ্যা ১০জনতকৈ অধিক নেকি সেই বিষয়ত আৰক্ষী এতিয়াও নিশ্চিত হোৱা নাই। এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে ছুইডেনৰ প্ৰধানমন্ত্ৰী উলফ ক্ৰীষ্টাৰছনে।
ছুইডেনৰ ৰাজধানী ষ্টকহোমৰ পৰা ২০০ কিলোমিটাৰ দূৰৈত অৱস্থিত এখন সৰু চহৰ হৈছে অবেৰো।
স্থানীয় সময় অনুসৰি দিনৰ ১২.৩৩ বজাত সংঘটিত হয় এই আক্ৰমণ। ছুইডিছ ভাষাত কমভুকছ নামেৰে জনাজাত প্ৰাপ্তবয়স্কৰ বিদ্যালয় কেম্পাছ ৰিছবাৰ্গস্কাত সংঘটিত হয় এই গুলীচালনাৰ ঘটনা। প্ৰাথমিক বা উচ্চ শিক্ষা সম্পূৰ্ণ নকৰাসকলৰ বাবে উক্ত স্কুলখনৰ ওচৰতে আন এখন স্কুল আছিল।
বিদ্যালয়ৰ শিক্ষকসকলে জনোৱা মতে, তেওঁলোকে হঠাতে বন্দুকৰ গুলীৰ শব্দ শুনি বহুতে ভয়তে শ্ৰেণীকোঠাৰ পৰা পলাই যায়। আন বহুতে শ্ৰেণীকোঠাৰ ভিতৰত লুকাই থাকে। শিক্ষয়িত্ৰী মাৰিয়া পেগাডোৱে কয়, “মই দেখিছিলো যে মানুহে আহতসকলক উদ্ধাৰ কৰি লৈ গৈছে। প্ৰথমে এজন, তাৰ পিছত আন এজন। মই উপলব্ধি কৰিলোঁ যে পৰিস্থিতি অতি গুৰুতৰ।”
ইফালে চহৰৰ আৰক্ষী অধীক্ষক ৰবাৰ্ট’ এইড ফৰেষ্টাৰে কয় যে বন্দুকধাৰীজনৰ গুলীচালনাত কেইবাজনো লোক আহত হয়। হতাহতিৰ সঠিক সংখ্যা বৰ্তমান নিশ্চিত কৰাটো কঠিন। এই গুলীচালনাত ১০ জন লোক নিহত হয়। নিহতসকলৰ ভিতৰত দুৰ্বৃত্তজনো আছিল।
মঙলবাৰে বিয়লি অবেৰোত দুৰ্বৃত্তৰ ঘৰত আৰক্ষীয়ে অভিযান চলায়। তদন্তত প্ৰকাশ পাইছে যে ব্যক্তিজনৰ হাতত বন্দুকৰ অনুজ্ঞাপত্ৰ আছিল। অৱশ্যে তেওঁৰ কোনো অপৰাধজনিত ৰেকৰ্ড নাই। কিন্তু ব্যক্তিজনে কিয় এই জঘন্য পদক্ষেপ হাতত ল’লে তাৰ তদন্ত আৰক্ষীয়ে অব্যাহত ৰাখিছে।