১০৪ জন অবৈধ ভাৰতীয়ৰ (Illegal Immigrants) সৈতে অমৃতসৰত অৱতৰণ কৰে আমেৰিকান সেনাৰ এখন বিমান। মঙলবাৰে টেক্সাছৰ পৰা উৰা মাৰিছিল এই বিমানখন। আনহাতে, কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ যাতে সৃষ্টি নহয় তাৰবাৰে পঞ্জাব আৰক্ষীক আগতীয়াকৈ সকীয়াই দিয়া হয়।

ফলত অমৃতসৰ বিমানবন্দৰত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হয়। অৱশ্যে প্ৰথম অৱস্থাত ২০৫ জন লোকক প্ৰথম পৰ্যায়ত ভাৰতলৈ প্ৰেৰণ কৰা বুলি খবৰ ওলাইছিল যদিও ১০৪ জন লোকেহে অমৃতসৰ বিমানবন্দৰত অৱতৰণ কৰে। অনুমান কৰা হৈছে যে পৰৱৰ্তী সময়ত আমেৰিকাত থকা আৰু অধিক অবৈধ ভাৰতীয়ক ক্ৰমান্বয়ে বিতাড়ন কৰা হ’ব।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে এক সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰা অনুসৰি, বিমানখনত থকা সকলোৰে পৰিচয় পৰীক্ষা কৰা হৈছে। ইয়াৰ পৰা নতুন দিল্লীৰ সক্ৰিয়তাও স্পষ্ট হৈ পৰিছে। বুধবাৰে দিনৰ প্ৰায় ১.৫৯ বজাত অমৃতসৰৰ শ্ৰীগুৰু ৰামদাসজী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে আমেৰিকান সেনাৰ বিমানখন। সেই সময়ত তাত উপস্থিত থাকে আৰক্ষী আৰু প্ৰশাসনৰ বিষয়াসকল। আনহাতে, নতুন দিল্লীত থকা আমেৰিকান দূতাবাসৰ এজন প্ৰতিনিধিও বিমানবন্দৰত উপস্থিত থাকে।
এক সূত্ৰৰ মতে, এই অবৈধ ভাৰতীয়সকলৰ অধিকাংশই মেক্সিকো-আমেৰিকাৰ সীমান্তত ধৰা পৰিছে। অৱশ্যে ভাৰতলৈ উভতি অহাৰ পাছত তেওঁলোকক গ্ৰেপ্তাৰ কৰা নহ’ব। কাৰণ তেওঁলোকৰ বিৰুদ্ধে নিজ দেশৰ আইন উলংঘা কৰাৰ কোনো অভিযোগ নাই।
এক সূত্ৰৰ পৰা জানিব পৰা মতে, এই অবৈধ বাসিন্দাসকলে বৈধভাৱেই ভাৰত এৰি গৈছিল। কিন্তু পিছত তেওঁলোক অবৈধভাৱে আমেৰিকাত প্ৰৱেশ কৰি থকা অৱস্থাত ধৰা পৰে। গতিকে নিজ দেশত তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ কোনো সম্ভাৱনা নাই। এক সূত্ৰই জনোৱা মতে, যদি তেওঁলোকৰ হাতত পাছপ’ৰ্ট নাথাকেও, তেন্তে এই তেওঁলোকৰ আঙুলিৰ চাপেৰে চিনাক্ত কৰা হ’ব।
ইফালে মঙলবাৰে পঞ্জাবৰ আৰক্ষী সঞ্চালকপ্ৰধান গৌৰৱ যাদৱে কয় যে ৰাজ্য চৰকাৰে বিমানবন্দৰত এইসকল লোকক গ্ৰহণ কৰিব। তেওঁলোকৰ সহায়ৰ বাবে তাত এটা কাউণ্টাৰো খোলা হৈছে। ইফালে পঞ্জাবৰ বহিঃৰাজ্য ভাৰতীয় পৰিক্ৰমা মন্ত্ৰী কুলদীপ সিং ধালিৱালে এই অবৈধ বাসিন্দা ভাৰতীয়সকলৰ উভতি অহাত অসন্তুষ্টি প্ৰকাশ কৰিছে।
লগতে তেওঁ কয় যে অহা সপ্তাহত এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সৈতে তেওঁ কথা পাতিব। কুলদীপে দাবী কৰে যে আমেৰিকা চৰকাৰে এই অবৈধ লোকসকলক আইনী নাগৰিকত্ব দিব লাগিছিল। কাৰণ তেওঁলোকে দেশখনৰ অৰ্থনীতিত অৰিহণা যোগাই আহিছে। তেওঁ লগতে দাবী কৰে যে বহু ভাৰতীয়ই বৈধ ৱৰ্ক পাৰ্মিট (ৱৰ্কিং ভিছা) লৈ আমেৰিকাত প্ৰৱেশ কৰিছিল।
পিছত সেই ভিছাৰ ম্যাদ উকলি যোৱাৰ বাবে তেওঁলোক অবৈধ বাসিন্দা হৈ পৰে।
উল্লেখ্য যে ড’নাল্ড ট্ৰাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পিছত অবৈধ অনুপ্ৰৱেশকাৰীক নিজ নিজ দেশলৈ ঘূৰাই পঠিয়াবলৈ উদ্যোগ লয়। আমেৰিকান প্ৰশাসনে এনে অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিবলৈ আৰম্ভ কৰে।
ইতিমধ্যে আমেৰিকাত বসবাস কৰা কেইবাখনো দেশৰ অবৈধ অনুপ্ৰৱেশকাৰীক আমেৰিকাই বিতাড়ন কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰে ভিতৰত ভাৰতো অন্তৰ্ভুক্ত। মঙলবাৰৰ পৰা হোৱাইট হাউছে ভাৰতলৈ অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰে।