দিল্লীৰ ভোটগ্ৰহণৰ দিনা প্ৰয়াগৰাজৰ মহাকুম্ভত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Narendra Modi) সংগমঘাটত পবিত্ৰ স্নান কৰে। প্ৰধানমন্ত্ৰীয়ে গাঢ় গেৰুৱা ৰঙৰ জেকেট আৰু ক’লা ট্ৰেক পেণ্ট পিন্ধি স্নান কৰে। তেওঁৰ হাতত ৰুদ্ৰাক্ষৰ মালাও আছিল। আনহাতে, কুম্ভত স্নান কৰাৰ পূৰ্বে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে নৌকাবিহাৰো কৰে প্ৰধানমন্ত্ৰীয়ে।

উল্লেখ্য যে ৫ ফেব্ৰুৱাৰী অৰ্থাৎ বুধবাৰে প্ৰধানমন্ত্ৰীৰ স্নানৰ দিন নিৰ্ধাৰণক লৈ ইতিমধ্যে বিতৰ্কৰ সৃষ্টি হৈছিল। কাৰণ বুধবাৰে দিল্লীত অনুষিঠিত হৈছে বিধানসভাৰ নিৰ্বাচন। দিল্লীত ভোটগ্ৰহণৰ দিনা কুম্ভমেলালৈ যোৱাৰ আঁৰত ৰাজনীতি থকা বুলিও বিৰোধীয়ে দাবী কৰিছে।
হিন্দুত্ববাদী বাৰ্তাৰে ভোটাৰক আকৰ্ষিত কৰাৰ প্ৰয়াসত তেওঁ ভোটগ্ৰহণৰ দিনা কুম্ভমেলাত স্নানলৈ যোৱা বুলি সমালোচনা হৈছে। লগতে কুম্ভমেলাৰ স্নানৰ পূৰ্বে দিল্লীৰ ভোটাৰলৈ তেওঁ এক বাৰ্তাও প্ৰদান কৰে। এক্স হেণ্ডলত প্ৰধানমন্ত্ৰীয়ে লিখিছে, “গণতন্ত্ৰৰ এই উৎসৱত উৎসাহেৰে অংশগ্ৰহণ কৰক আৰু ভোট দিয়ক।”
উল্লেখ্য যে ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও কুম্ভমেলাত পবিত্ৰ স্নান কৰিছে। ইয়াৰ দুদিন পিছতে মহাকুম্ভত পদপিষ্টৰ ঘটনাত কমেও ৩০ জন লোকৰ মৃত্যু হয়। উক্ত ঘটনাৰ পিছত মহাকুম্ভ পৰিচালনাত যোগী প্ৰশাসনৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হ’বলৈ ধৰে।
উত্তৰ প্ৰদেশ চৰকাৰে মৃতকৰ সংখ্যা লুকুৱাই ৰখাৰো অভিযোগ উত্থাপন হৈছে। আনহাতে, যোৱা সোমবাৰে সংসদৰ বাজেট অধিৱেশনত বিৰোধীয়ে এই বিষয়টোও উত্থাপন কৰে। তেনে পৰিস্থিতিত বহুতে মোডীৰ মহাকুম্ভ ভ্ৰমণক তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰিছে।