আছানছোলৰ তাৰকা সাংসদ শত্ৰুঘ্ন সিনহাই (Shatrughan Sinha) বিচাৰে যে সমগ্ৰ দেশতে আমিষ খাদ্য নিষিদ্ধ হওক। মঙলবাৰে তেওঁ ইউনিফৰ্ম চিভিল কোডৰ প্ৰশংসা কৰি এই কথা উল্লেখ কৰে। কিন্তু তৃণমূলৰ নেত্ৰী মমতা বেনাৰ্জীয়ে কয় যে প্ৰতিখন ৰাজ্যৰ নিজস্ব বিশেষত্ব আছে।

কোনোৱে আমিষভোজী, কোনোৱে নিৰামিষভোজী। এয়া ভাৰত। কিন্তু তেওঁৰ দলৰ সাংসদজনৰ চিন্তা ইয়াৰ বিপৰীত। ইফালে বাধা আৰু বিতৰ্কৰ মাজতো উত্তৰাখণ্ড চৰকাৰে ইউনিফৰ্ম চিভিল কোড প্ৰৱৰ্তন কৰাত শলাগ লয় তৃণমূলৰ সাংসদগৰাকীয়ে।
শত্ৰুঘ্নই মঙলবাৰে সংবাদ সংস্থা এএনআইৰ আগত কয়, “কেৱল গো-মাংসয়ে নহয়, দেশত সকলো আমিষ খাদ্য নিষিদ্ধ কৰা উচিত। বিভিন্ন স্থানত গো-মাংস বিক্ৰী বন্ধ কৰি দিছে চৰকাৰে। কিন্তু এতিয়াও বহু ঠাইত গো-মাংস বিক্ৰী বা খোৱাৰ ক্ষেত্ৰত কোনো আইনী বাধা নাই। উত্তৰ-পূৰ্বাঞ্চলৰ মানুহে মুকলিকৈ খাব পাৰে। কিন্তু উত্তৰ ভাৰতে নোৱাৰে।”
তেওঁ লগতে কয়, “উত্তৰ-পূৰ্বাঞ্চলত গো-মাংস খালে য়াম্মি আৰু উত্তৰ ভাৰতত খালে মাম্মী! এইটো হ’ব নোৱাৰে।”
উত্তৰ ভাৰতৰ বাবে যি আইন আছে, সেই আইন উত্তৰ-পূৰ্বাঞ্চলতো কাৰ্যকৰী হ’ব লাগে বুলি প্ৰশ্ন উত্থাপন কৰে তৃণমূলৰ সাংসদগৰাকীয়ে। তেওঁ কয় দেশ এখন। গতিকে নিয়মবোৰো একে হ’ব লাগে। কিন্তু শত্ৰুঘ্নই অনুভৱ কৰে যে ইউনিফৰ্ম চিভিল কোডত কিছু সুৰুঙা আছে। ইউচিচি কাৰ্যকৰী কৰাৰ পূৰ্বে সৰ্বদলীয় বৈঠক আহ্বান কৰিব লাগে বুলিও তেওঁ কয়।
অৱশ্যে এই বিষয়ত তৃণমূল নেত্ৰী মমতা বেনাৰ্জী আৰু দলৰ স্থিতি বেলেগ। কেইমাহমানৰ পূৰ্বে আমিষ-নিৰামিষ বিতৰ্কক লৈ বংগৰ মুখ্যমন্ত্ৰীয়ে কৈছিল, “আপুনি কি জাতিৰ, কি ৰাজ্যৰ পৰা আহিছে, আমিষভোজী হওক বা নিৰামিষভোজী হওক, এই কথা বংগত কোনেও সোধা নাই। এয়া বংগৰ গৌৰৱ।”