প্ৰয়াগৰাজৰ কুম্ভমেলাত (Mahakumbh) এইবাৰ বেলুন বিস্ফোৰণৰ ফলত অগ্নিদগ্ধ ৬ ভক্ত। সোমবাৰে সন্ধিয়া মেলাৰ ২১ নং ছেক্টৰত সংঘটিত হয় এই দুৰ্ঘটনা। আৰক্ষীৰ সূত্ৰ অনুসৰি, আহতসকলৰ নাম হৈছে নিখিল, প্ৰদীপ, মায়ংক, ললিত, অমন। আন এজন ব্যক্তিৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।

তেওঁৰ বয়স প্ৰায় ২০ বছৰ। কিন্তু বেলুনটো কেনেকৈ বিস্ফোৰণ হ’ল আৰক্ষীয়ে তাৰ তদন্ত কৰি আছে। প্ৰথমতে অনুমান কৰা হৈছিল যে বায়ুৰ চাপৰ তাৰতম্যৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে। এই ঘটনাৰ পিছত পুনৰ কুম্ভমেলাৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন হৈছে।
সোমবাৰে প্ৰয়াগৰাজৰ মহাকুম্ভত বসন্ত পঞ্চমী উদযাপন কৰা হয়। লাখ লাখ ভক্ত তাত সমবেত হয়। প্ৰশাসনৰ সূত্ৰৰ পৰা জানিব পৰা মতে, বিজ্ঞাপন কোম্পানী এটাই সন্ধিয়া উৰুওৱা বেলুনটোত জুই লাগে।
বেলুনটোত ছয়জন মানুহ উঠিছিল। উক্ত লোককেইজনক প্ৰথমে ছাব চেণ্ট্ৰেল হস্পিটেলত ভৰ্তি কৰোৱা হয় যদিও তেওঁলোকৰ অৱস্থা সংকটজনক হোৱাত এছ আৰ এন হাস্পতালত ভৰ্তি কৰোৱা হয়। অৱশ্যে চিকিৎসালয়ৰ সূত্ৰ অনুসৰি বৰ্তমান আটাইকেইজনৰ অৱস্থা সুস্থিৰ।
বিশেষ আৰক্ষী অধীক্ষক (কুম্ভমেলা) ৰাজেশ দ্বিবেদীয়ে জানিবলৈ দিয়া মতে, আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। প্ৰথম অৱস্থাত বায়ুৰ চাপ কম হোৱাৰ বাবে বেলুনটো হঠাতে নামি যায় বুলি অনুমান কৰা হয়। তাৰ পিছত তাত জুই লাগে। অৱশ্যে এই অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত এতিয়াও আৰক্ষী বা প্ৰশাসনে মুখ খোলা নাই।