দিল্লী নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বে বুধবাৰে প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত পবিত্ৰ স্নান কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Narendra Modi)। মহাকুম্ভলৈ গৈ তাত থকা সাধুসকলকো সাক্ষাৎ কৰিব। অৱশ্যে এই সময়ত প্ৰধানমন্ত্ৰীৰ মহাকুম্ভ আগমনৰ আন এক তাৎপৰ্য আছে।

শেহতীয়াকৈ সংগমৰ সমীপৰ মহা কুম্ভমেলা অঞ্চলত অমৃত স্নানৰ সময়ত ভয়ংকৰ পদপিষ্টৰ ঘটনা সংঘটিত হয়। যাৰ ফলত সমগ্ৰ দেশতে তীব্ৰ জোকাৰণিৰ সৃষ্টি হয়। খবৰ অনুসৰি এই দুৰ্ঘটনাত কমেও ৩০ জন লোকে প্ৰাণ হেৰুৱায় । আনহাতে, প্ৰায় ৬০ জন লোক আহত হয়। এই ঘটনাই কুম্ভমেলাৰ নিৰাপত্তা আৰু ব্যৱস্থাপনাক লৈ প্ৰশ্ন উত্থাপন হয়।
এনে পৰিস্থিতিৰ মাজতে বুধবাৰে প্ৰয়াগৰাজলৈ যাব প্ৰধানমন্ত্ৰী মোডী। জানিব পৰা মতে, পুৱা ১০.০৫ বজাৰ ভিতৰত প্ৰধানমন্ত্ৰী প্ৰয়াগৰাজ বিমানবন্দৰত উপস্থিত হ’ব। তাৰ পৰা ১০.১০ বজাত ডি পি এছ হেলিপেডলৈ ৰাওনা হ’ব আৰু ১০.৪৫ বজাত অৰিয়েল ঘাটত উপস্থিত হ’ব। তাৰ পৰা তেওঁ নাও এখনত উঠি ১০.৫০ বজাৰ ভিতৰত সংগম ঘাট পাবগৈ।
তেওঁ পুৱা ১১ বজাৰ পৰা ১১.৩০ বজালৈ ত্ৰিবেণী সংগমত স্নান কৰাৰ কথা। ইয়াৰ পিছত নিশা ১১.৪৫ বজাৰ ভিতৰত মোডীয়ে নাৱেৰে উৰিয়াল ঘাটলৈ উভতি আহি ডি পি এছ হেলিপেড অভিমুখে আগবাঢ়িব। নিশা ১২.৩০ বজাৰ ভিতৰত তেওঁ প্ৰয়াগৰাজ বিমানবন্দৰৰ পৰা উভতিব। পবিত্ৰ স্নানৰ উপৰি প্ৰধানমন্ত্ৰী মোডীয়ে সাধু-সন্তৰ সৈতেও মত বিনিময় কৰিব।
তেওঁ পদপিষ্টৰ ঘটনাৰো পুনৰীক্ষণ কৰিব। উল্লেখ্য যে ৫ ফেব্ৰুৱাৰীত সাধাৰণতে হিন্দু ধৰ্মত মাঘী অষ্টমী আৰু ভীষ্ম অষ্টমী পালন কৰে। মাঘী অষ্টমী হিন্দু মাহটোৰ অষ্টম দিন, য’ত প্ৰায়ে প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত পবিত্ৰ স্নান, দান আৰু ধ্যান কৰা হয়।
আনহাতে, মহাভাৰতৰ চৰিত্ৰ ভীষ্ম পিতামহৰ স্মৃতিত ভীষ্ম অষ্টমী উদযাপন কৰা হয়। প্ৰবাদ অনুসৰি উত্তৰায়ণ আৰু শুক্লপক্ষৰ প্ৰৱেশৰ সময়ত পিতামহ ভীষ্মৰ মৃত্যু হৈছিল শৰবিদ্ধ বিছনাত শায়িত অৱস্থাত। সেইবাবেই এই সময়ত ভীষ্ম অষ্টমী পালন কৰা হয়।