চত্তীশগড়ত সংঘটিত হৈছে পুনৰ মাওবাদীৰ আক্ৰমণৰ ঘটনা (Naxalites blast) । আৰক্ষীৰ সূত্ৰ অনুসৰি, মঙলবাৰে বিজাপুৰ-দান্তেৱাৰাৰ সীমান্তত মাওবাদীয়ে পুতি থোৱা আই ই ডি বিস্ফোৰণত তিনিজন নিৰাপত্তাৰক্ষী গুৰুতৰভাৱে আহত হয়। তেওঁলোকক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

এজন আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, জিলা ৰিজাৰ্ভ গাৰ্ড (ডি আৰ জি), আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ যুটীয়া বাহিনীয়ে বিজাপুৰ-দন্তেৱাৰা সীমান্তত মাওবাদী বিৰোধী অভিযান চলাই থকাৰ সময়ত মাওবাদীয়ে পথত পুতি থোৱা বিস্ফোৰকত হেঁচা পৰা বিস্ফোৰণ ঘটে।
উল্লেখ্য যে ডি আৰ জি আৰু বি এছ এফে ২ ফেব্ৰুৱাৰীতো কাংকেৰত যৌথ অভিযান চলোৱাৰ সময়ত মাওবাদীয়ে তেওঁলোকৰ ওপৰত গুলীচালনা কৰিছিল। যৌথ বাহিনীয়েও ইয়াৰ প্ৰত্যুত্তৰ দিয়ে। আনহাতে, ছত্তীশগড়ত মাওবাদীৰ বিৰুদ্ধে ৩ জানুৱাৰীৰ পৰা এই অভিযান অব্যাহত আছে।
নাৰায়ণপুৰ, দান্তেৱাড়া, বিজাপুৰ, জগদলপুৰ, কোণ্ডাগাঁৱকে ধৰি কেইবাখনো মাওবাদী প্ৰভাৱিত জিলাত এই অভিযান অব্যাহত আছে। জানুৱাৰী মাহৰ শেষৰ ফালে ওড়িশা-চত্তীশগড় সীমান্তত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা গুলীচালনাত ২০জন মাওবাদী নিহত হৈছিল।
তাৰ ভিতৰত আছিল মাওবাদীৰ কেন্দ্ৰীয় সমিতিৰ সদস্য চলপতি। যাৰ মূৰৰ দাম আছিল এক কোটি টকা। বিজাপুৰৰ গংগালুৰত যোৱা শনিবাৰে নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত ৮টা মাওবাদী নিহত হয়। ইয়াৰ পিছত দেওবাৰে কাংকেৰত দুয়োপক্ষৰ মাজত গুলীচালনা হয়।