কোনো জনাকীৰ্ণ অঞ্চল, ট্ৰেফিক ছিগনেল, ক্ৰছিং, ধৰ্মীয় আৰু পৰ্যটনস্থলীত ভিক্ষাৰ অনুমতি বন্ধ। ভঊপালৰ জিলা দণ্ডাধীশ কৌশলেন্দ্ৰ বিক্ৰম সিঙে চহৰখনক ‘ভিক্ষাৰীমুক্ত’ (Begging) কৰাৰ বাবে এনে পদক্ষেপ গ্ৰহণ কৰিছে। এই সন্দৰ্ভত তেওঁ নিৰ্দেশনাও জাৰি কৰিছে।

ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (বিএনএছএছ) ২০২৩ৰ ১৬৩ ধাৰা অনুসৰি জিলা দণ্ডাধীশে এই নিষেধাজ্ঞা জাৰি কৰিছে। এই নিৰ্দেশনা অমান্য কৰাসকলৰ বিৰুদ্ধে বিএনএছএছৰ ২২৩ নং ধাৰাত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে।
সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ পোৱা নিৰ্দেশনা অনুসৰি, জনসমাগম হোৱা ঠাই, ট্ৰেফিক ছিগনেল, ক্ৰছিং, ধৰ্মীয় আৰু পৰ্যটন স্থানত অকলে বা গোট হৈ ভিক্ষাবৃত্তিত বহু লোক নিয়োজিত হৈ আহিছে। চৰকাৰী নিৰ্দেশ অমান্য কৰিও এই ধৰণৰ কাম চলি আছে।
যাৰ বাবে চহৰখনে যান-বাহন সম্পৰ্কীয় বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। ইয়াৰ বাহিৰেও চহৰৰ বাহিৰৰ পৰা আনকি আন ৰাজ্যৰ পৰাও বহু লোক ভিক্ষা কৰিবলৈ আহে। ইয়াৰে কিছুমানৰ অপৰাধজনিত ৰেকৰ্ডো আছে। গাইডলাইনত উল্লেখ কৰা হৈছে যে বহু ভিক্ষাৰী ড্ৰাগছ আৰু অন্যান্য অপৰাধমূলক কামতো জড়িত।
ইয়াৰ বাহিৰেও ট্ৰেফিক ছিগনেল বা ক্ৰছিঙত ভিক্ষাৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনাও বাঢ়ি যায়। জিলা প্ৰশাসনৰ সূত্ৰ অনুসৰি সকলো দিশ পৰীক্ষা কৰি নিৰাপত্তাৰ স্বাৰ্থত এনে সিদ্ধান্ত লোৱা হৈছে।