উত্তৰ প্ৰদেশৰ ফতেহপুৰত দুখন মালবাহী ৰে’লৰ সংঘৰ্ষত (UP Train Accident) কেইবাখনো ৱেগন ৰে’লপথৰ পৰা লাইনচ্যুত হয়। দুৰ্ঘটনাটোত দুয়োখন মালগাড়ীৰ চালক আৰু সহ-চালক গুৰুতৰভাৱে আহত হয়। তেওঁলোকৰ অৱস্থা সংকটজনক।

স্থানীয় সূত্ৰ মতে, মঙলবাৰে পুৱা প্ৰায় ৪.৩০ বজাত এখন মালবাহী ৰে’লে সংকেত নোপোৱাৰ বাবে ৰখাই দিয়া হয়। সেই সময়তে একেটা লাইনতে আন এখন মালবাহী ৰে’ল আহি আছিল আৰু সেই ৰে’লখনে ৰখাই থোৱা মালগাড়ীখনৰ পিছফালে খুন্দা মাৰে। তাৰ পিছত দুয়োখন মালগাড়ীৰ কেইবাটাও ৱেগন লাইনচ্যুত হয়।
মঙলবাৰে পুৱাৰ ভাগত ফতেহপুৰৰ ডেডিকেটেড ফ্ৰেইট কৰিড’ৰত (ডি এফ চি) এই ঘটনাটো সংঘটিত হয়। উল্লেখ্য যে উক্ত লাইনেৰে কেৱল মালবাহী ৰে’লহে যাত্ৰা কৰে। সেয়ে এই দুৰ্ঘটনাৰ বাবে যাত্ৰীবাহী ৰে’লৰ চলাচলত কোনো প্ৰভাৱ নপৰে বুলি ৰে’লৱেই জনাইছে। কানপুৰ-ফতেহপুৰৰ মাজৰ পাম্ভিপুৰৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।
ৰে’লৱেৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ছিগনেলত থিয় হৈ থকা মালবাহী ৰে’লখনৰ পিছফালে খুন্দা মৰাৰ ফলত আন এখন মালবাহী ৰে’লৰ ইঞ্জিন ৰে’লপথৰ পৰা ওলাই যায়। কেইবাটাও ৱেগনো লাইনচ্যুত হয়। ৰে’লৱেৰ শীৰ্ষ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয়। বৰ্তমান আহত মালগাড়ী দুখনৰ চালক আৰু সহ-চালকজন স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।