মন্দিৰত পূজা দি ভক্তিৰে প্ৰসাদ খোৱাৰ (Food Poision) পিছত বিপৰ্যয়। প্ৰসাদ খোৱাৰ পিছত দুশৰো অধিক লোক অসুস্থ হৈ পৰে। ইয়াৰে বহুতৰে অৱস্থা সংকটজনক।

সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, সোমবাৰে মধ্যপ্ৰদেশত সংঘটিত হয় এই ঘটনা। শিৱপুৰী জিলাৰ মামনি কলা গাঁও পঞ্চায়তৰ বাসিন্দাসকলে মন্দিৰৰ প্ৰসাদ গ্ৰহণ কৰি অসুস্থ হৈ পৰে।
আৰক্ষীয়ে জনোৱা মতে, মন্দিৰটোত বিশেষ পূজাৰ আয়োজন কৰা হৈছিল। গাঁৱৰ ৰাইজক মন্দিৰ সমিতিৰ তৰফৰ পৰা আমন্ত্ৰণ জনোৱা হয়। দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ গৈ মন্দিৰৰ প্ৰসাদ খাই শতাধিক লোক অসুস্থ হৈ পৰে।
স্বাস্থ্য বিভাগৰ সূত্ৰ অনুসৰি, গাঁওখনৰ দুশৰো অধিক বাসিন্দা অসুস্থ হৈ পৰিছে। ইয়াৰে ৬০ জনৰ অৱস্থা সংকটজনক। সঘনাই বমি হোৱা, ডায়েৰিয়া, জ্বৰ আদি লক্ষণ প্ৰসাদ খোৱাৰ পিছত দেখা গৈছে। সম্ভৱত প্ৰসাদ খাই বিষক্ৰিয়া হৈছে। ইতিমধ্যে খাদ্যৰ নমুনা সংগ্ৰহ কৰা হৈছে। ইয়াৰ গুণগত মান নিৰীক্ষণ কৰি থকা হৈছে। ঘটনাৰ তদন্ত অব্যাহত আছে।