গৰুচুৰি (Cattle Thief) কৰি ধৰা পৰিলেই এনকাউণ্টাৰ কৰিব লাগে। এনে কঠোৰ নিৰ্দেশ দিছে কৰ্ণাটকৰ মন্ত্ৰী মানকলা সুব্বা বৈদ্যই। জানিব পৰা মতে, শেহতীয়াকৈ উত্তৰ কানাড়া জিলাত গৰুচুৰিৰ ঘটনা যথেষ্ট বৃদ্ধি পাইছে।

এনে ঘটনাৰ পিছত ৰাজ্যখনৰ মন্ত্ৰী মানকলা চুব্বা বৈদ্যই সকীয়াই দিয়ে যে যদি গৰুচুৰিৰ ঘটনাত ধৰা পৰে তেন্তে এনকাউণ্টাৰ কৰিব লাগে। কৰ্ণাটকৰ মীন আৰু বন্দৰ, আভ্যন্তৰীণ পৰিবহণ মন্ত্ৰী বৈদ্যই কয় যে যদি পুনৰ এনে ঘটনা সংঘটিত হয় তেন্তে কোনো সংকোচ নকৰাকৈ অভিযুক্তক গুলীয়াই হত্যা কৰাৰ নিৰ্দেশ দিয়া হ’ব।
কাৰৱাৰত সাংবাদিকৰ আগত তেওঁ কয়, “আমি প্ৰতিদিনে গৰুৰ গাখীৰ সেৱন কৰো। ই এনে এক প্ৰাণী যাৰ প্ৰতি আমাৰ মৰম আৰু সন্মান আছে। মই আৰক্ষীক কৈছো যে যাৰ বিৰুদ্ধে চুৰিৰ অভিযোগ উত্থাপন হ’ব, তাৰ বিৰুদ্ধে ব্যৱস্থা ল’ব লাগে। ভুল যেন লাগিব পাৰে। কিন্তু মই আৰক্ষীক কৈছো যে প্ৰয়োজন হ’লে অভিযুক্তক মাজপথতে গুলীয়াই মাৰিব লাগে ।”
বৈদ্যই কয় যে পূৰ্বৰ বিজেপি চৰকাৰৰ দিনতো গৰুচুৰিৰ ঘটনা আছিল। অৱশ্যে বৰ্তমান কংগ্ৰেছ চৰকাৰৰ দিনত গৰু আৰু ইয়াৰ মালিকৰ সুৰক্ষা নিশ্চিত কৰা হ’ব। উল্লেখ্য যে শেহতীয়াকৈ কৰ্ণাটকত পশু নিষ্ঠুৰতাৰ কেইবাটাও ঘটনা পোহৰলৈ আহিছে।
কিছুদিন পূৰ্বে এটা গৰ্ভৱতী গৰুক নিৰ্মমভাৱে হত্যা কৰা হৈছিল। এই ঘটনাই অঞ্চলটোত চাঞ্চল্যকৰ পৰিস্থিতিৰ সৃষ্টি কৰে। তাৰ পিছতে এই মন্তব্য ৰাজ্যৰ মন্ত্ৰীগৰাকীৰ। অৱশ্যে মানকলা চুব্বা বৈদ্যৰ এই মন্তব্যই ৰাজনৈতিক মহলত বিতৰ্কৰ সৃষ্টি কৰিছে।