সন্ত্ৰাসবাদীয়ে ঘৰত প্ৰৱেশ কৰি এজন অৱসৰপ্ৰাপ্ত সেনা জোৱানক গুলীয়াই হত্যা (Terrorist Attack) কৰে। সোমবাৰে জম্মু-কাশ্মীৰৰ কুলগামত সংঘটিত এই সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে অঞ্চলটোত উত্তেজনাৰ সৃষ্টি হয়।

জানিব পৰা মতে, এই ঘটনাত নিহত অৱসৰপ্ৰাপ্ত জোৱানজনৰ পত্নী আৰু কন্যাও আহত হয়। তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু তেওঁলোকৰ অৱস্থা সংকটজনক।
সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, নিহত অৱসৰপ্ৰাপ্ত জোৱানজনৰ নাম মনজুৰ আহমেদ ৱাগে। কুলগামৰ বেঘীবাগত তেওঁৰ ঘৰ। সোমবাৰে পুৱা হঠাতে তেওঁৰ ঘৰত প্ৰৱেশ কৰি সন্ত্ৰাসবাদীৰ এটা দলে জধেমধে গুলী চলাবলৈ আৰম্ভ কৰে। তাতেই তেওঁৰ মৃত্যু হয়। আনহাতে, তেওঁক বচাবলৈ চেষ্টা কৰি আহত হয় পত্নী আৰু কন্যাও।
জম্মু-কাশ্মীৰ আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই এই আক্ৰমণৰ কথা নিশ্চিত কৰিছে। তেওঁ কয় যে এই পৰ্যন্ত কোনো সন্ত্ৰাসবাদী সংগঠনে এই ঘটনাৰ দায়িত্ব গ্ৰহণ কৰা নাই। অৱশ্যে এই আক্ৰমণৰ আঁৰত যিয়েই নাথাকক কিয়, অনুসন্ধান আৰম্ভ হৈছে। সন্ত্ৰাসবাদীৰ সন্ধানত এক তালাচী অভিযানো আৰম্ভ কৰা হৈছে।