দিল্লীত নিৰ্বাচনী প্ৰচাৰৰ অন্তিমদিনা মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰক আক্ৰমণৰ লক্ষ্য কৰি লয় আম আদমি পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে (Arvind Kejriwal)। কেন্দ্রীয় চৰকাৰে বিজেপিক নির্বাচনত জয়ী কৰাবলৈ ক্ষমতাৰ অপব্যৱহাৰ কৰিছে যদিও আয়োগে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰা নাই বুলি তেওঁ অভিযোগ কৰে৷

সোমবাৰে এক সংবাদমেলত কেজৰিৱালে কয়, “আজি নিৰ্বাচন আয়োগে যিদৰে বিজেপিৰ ওচৰত আত্মসমৰ্পণ কৰিছে, এনে লাগে যেন নিৰ্বাচন আয়োগৰ অস্তিত্ব নাই। এই কথাই এক ডাঙৰ প্ৰশ্নৰ উত্থাপন কৰে।
ৰাইজৰ মনত এটা যুক্তিসংগত প্ৰশ্ন উত্থাপন হৈছে যে চলিত মাহৰ শেষত মুখ্য নিৰ্বাচন আয়ুক্ত পদৰ পৰা অৱসৰ গ্ৰহণ কৰি ৰাজীৱ কুমাৰজীয়ে কি পদ পাবলৈ গৈ আছে? তেওঁক কেনেধৰণৰ পদৰ প্ৰস্তাৱ দিয়া হৈছে?”
উল্লেখ্য যে ৫ ফেব্ৰুৱাৰীত দিল্লী বিধানসভাৰ ৭০ খন আসনৰ বাবে এটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। আনহাতে, ৮ ফেব্ৰুৱাৰীত ভোটগণনাব। ইফালে সোমবাৰে সন্ধিয়া ৫ বজাত এই অভিযানৰ অন্ত পৰে। দিল্লীৰ প্ৰতিখন আসনতে আপ, বিজেপি নেতৃত্বাধীন এন ডি এ আৰু কংগ্ৰেছৰ মাজত মুখামুখি প্ৰতিদ্বন্দ্বিতা হ’ব।
কিন্তু বিভিন্ন সমীক্ষাৰ পৰা ইংগিত পোৱা গৈছে যে মূল যুঁজখন আপ আৰু বিজেপিৰ মাজতে সীমাবদ্ধ হৈ আছে। ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিয়ন্ত্ৰণত থকা দিল্লী আৰক্ষীৰ সহায়ত বিজেপিয়ে গুণ্ডাগিৰি চলাইছে বুলিও আপে অভিযোগ উত্থাপন কৰিছে।
ইফালে ১৮ ফেব্ৰুৱাৰীত অৱসৰ ল’ব মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে। ইতিমধ্যে কেন্দ্রই তেওঁৰ উত্তৰাধিকাৰী হিচাপে পাঁচজন সম্ভাৱ্য শীৰ্ষ পৰ্যায়ৰ আমোলাৰ নাম তালিকাভুক্ত কৰিবলৈ এখন অনুসন্ধান সমিতি গঠন কৰিছে।
কেজৰিৱালৰ অভিযোগ যে আয়োগৰ এটা অংশৰ সহযোগত মঙলবাৰে নিশা বিজেপিয়ে ‘হোম ভোটিং’ৰ নামত প্ৰতাৰণাত সক্ৰিয় হৈ পৰিছে। কেজৰিৱালে দাবী কৰে যে মঙলবাৰে দিল্লীৰ বিভিন্ন বস্তিৰ দৰিদ্ৰ ভোটাৰক (যিসকলৰ অধিকাংশই আপ সমৰ্থক) আয়োগৰ নামত ভুৱা ইভিএম লৈ বিজেপি কৰ্মী হাজিৰ হ’ব।
ইয়াৰ পিছত সেই ভুৱা ইভিএমৰ বুটাম টিপাৰ পিছত আঙুলিত লগোৱা হ’ব ‘প্ৰকৃত’ চিয়াঁহী। ফলত সেই ভোটাৰসকলে পিছদিনা (বুধবাৰে) প্ৰতাৰণাৰ কথা গম পালেও ভোটদানত অংশগ্ৰহণ কৰিব নোৱাৰিব।