ককায়েক আৰু ভায়েকৰ মাজত পিতৃৰ মৃতদেহ সংস্কাৰক (Body Rituals Controversy) লৈ বিবাদ। এই বিবাদ এনে এটা স্তৰত উপনীত হয় যে অৱশেষত আৰক্ষীয়ে হস্তক্ষেপ কৰিবলগীয়া হয়।

ইফালে মৃতকৰ জ্যেষ্ঠ পুত্ৰই পিতৃৰ মৃতদেহ দুই ভাতৃৰ মাজত আধা আধা ভাগ কৰিবলৈ দাবী জনায়। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ টিকমগড়ত।
আৰক্ষীৰ সূত্ৰ অনুসৰি, দেওবাৰে লিধোৰাটাল গাঁৱত ধ্যানী সিং ঘোষ নামৰ ৮৪ বছৰীয়া এজন ব্যক্তিৰ মৃত্যু হয়। বয়সজনিত কাৰণত তেওঁ বহুদিন অসুস্থ হৈ আছিল। জীৱনৰ অন্তিম সময়ত তেওঁ সৰু পুত্ৰৰ লগত বাস কৰিছিল।
আনহাতে, তেওঁৰ ডাঙৰ পুত্ৰ পৰিয়ালৰ সৈতে আন ঠাইত বাস কৰিছিল। কিন্তু পিতৃৰ মৃত্যুৰ খবৰ শুনি তেওঁ লৰালৰিকৈ গাঁওখনলৈ গৈ বৰপুত্ৰ হোৱাৰ সুবাদত পিতৃৰ মৃতদেহ সংস্কাৰ কৰাৰ অধিকাৰ দাবী কৰে। আনহাতে, কনিষ্ঠ ভাতৃয়ে দাবী কৰে যে তেওঁৰ পিতৃৰ শেষ ইচ্ছা আছিল যে সৰু পুত্ৰই তেওঁৰ শ্ৰাদ্ধৰ আয়োজন কৰিব। তাৰ পিছতে পিতৃৰ মৃতদেহ সংস্কাৰক লৈ দুই ভাতৃৰ মাজত বিবাদ আৰম্ভ হয়।
এই পৰিৱেশৰ মাজতে গাঁওবাসীয়ে আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়। জানিব পৰা মতে, অৱশেষত বৃদ্ধ পিতৃৰ মৃতদেহ তেওঁৰ সৰু পুত্ৰই সংস্কাৰ কৰে। বৰপুত্ৰই অন্তিম শ্ৰদ্ধাঞ্জলি জনাই গাঁও এৰি গুচি যায়।