বিদ্যালয়ত যৌন আৰু শাৰীৰিক নিৰ্যাতনৰ (Rape) বলি দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী। বিদ্যালয়ৰে দুজন ছাত্ৰৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰে ছাত্ৰীগৰাকীয়ে। এই ঘটনাত ছাত্ৰ দুজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

সংবাদ মাধ্যমৰ সূত্ৰ অনুযায়ী, ৩১ জানুৱাৰীত কৰ্ণাটকৰ মাণ্ডিয়াত সংঘটিত হয় এই ঘটনা। তাত অৱস্থিত এখন চৰকাৰী বিদ্যালয়ত এগৰাকী ছাত্ৰী শাৰীৰিক নিৰ্যাতনৰ বলি হয়।
পিছত ছাত্ৰীগৰাকীয়ে মাতৃক কয় যে সেইদিনা স্কুলৰ বাথৰুমত তেওঁক যৌন নিৰ্যাতন চলোৱা হৈছিল। দুজন স্কুলীয়া ছাত্ৰই তেওঁক টানি প্ৰস্বাৱগাৰলৈ লৈ যায়। তাৰ পিছত জোৰকৈ কাপোৰ খুলি তেওঁৰ ব্যক্তিগত অংগত স্কেলেৰে কোবায়। লগতে বিষয়টো কাকো প্ৰকাশ নকৰাৰো ভাবুকি দিয়ে।
এই ঘটনাৰ বিষয়ে জানিব পাৰি ভুক্তভোগীৰ মাতৃয়ে থানাত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত দুজনৰ ভিতৰত এজন ছাত্ৰীগৰাকীৰ সহপাঠী আৰু আনজন তেওঁৰ ওপৰৰ শ্ৰেণীৰ।
তেওঁলোকৰ বিৰুদ্ধে পক্সো (POCSO) আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে ছাত্ৰীগৰাকীৰ চিকিৎসা পৰীক্ষাও সম্পন্ন কৰে। অৱশ্যে ব্যক্তিগত অংগত কোনো ক্ষতচিহ্ন তাত দেখা পোৱা নগ’ল। অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।