সত্ৰীয়া সংস্কৃতিৰ সাধক তথা বিশিষ্ট নৃত্যশিল্পী, নৃত্যাচাৰ্য যতীন গোস্বামীলৈ (Jatin Goswami) আগবঢ়োৱা হৈছে ২০২৫ বৰ্ষৰ পদ্মভূষণ বঁটা।

সত্ৰীয়া নৃত্য আৰু সংস্কৃতিলৈ আগবঢ়োৱা তেওঁৰ অনবদ্য অৱদানৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে। ইয়াৰ উপৰি অসমৰ চাৰিগৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী বঁটা। তেওঁলোক হৈছে জয়নাচাৰণ বসুমতাৰী, ড° অনিল বড়ো, গীতা উপাধ্যায় আৰু ৰেৱকান্ত মহন্ত।