আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে ২৬/১১ মুম্বাই আক্ৰমণৰ (26/11 Mumbai Attack) মূল অভিযুক্ত তাহাউৰ ৰাণাক ভাৰতলৈ প্ৰত্যৰ্পণৰ অনুমতি প্ৰদান কৰিছে।ভাৰতীয় চোৰাংচোৱাই ২০০৮ চনৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণত তেওঁ জড়িত থকাৰ প্ৰমাণ লাভ কৰিছিল।

তেতিয়াৰে পৰা ভাৰতে পাকিস্তানী বংশোদ্ভৱ কানাডিয়ান ব্যৱসায়ী ৰাণাক ভাৰতলৈ অনাৰ প্ৰচেষ্টা তীব্ৰতৰ কৰি তোলে। আমেৰিকা আৰু ভাৰতে বহু বছৰ ধৰি তেওঁক ভাৰতলৈ প্ৰত্যৰ্পণৰ চেষ্টা চলাই আহিছে।
প্ৰথমতে আইনী প্ৰক্ৰিয়াৰ বাবে ইয়াত বিলম্ব হৈছিল। আনহাতে, ৰাণাই তেওঁৰ প্ৰত্যৰ্পণৰ বিৰুদ্ধে প্ৰথমে নিম্ন আদালতত আৰু তাৰ পিছত ৱাশ্বিংটনৰ প্ৰাদেশিক আদালতত আপীল কৰিছিল। কিন্তু ক’তো তেওঁ সকাহ লাভ কৰা নাছিল। ছান ফ্ৰাঞ্চিস্কোৰ এখন আপীল আদালতেও প্ৰত্যৰ্পণৰ সপক্ষেই ৰায় দিছিল।
এইবাৰ আমেৰিকাৰ উচ্চতম ন্যায়ালয়েও ৰাণাৰ প্ৰত্যৰ্পণৰ অনুমতি প্ৰদান কৰিছে।
মুম্বাই আক্ৰমণৰ অন্যতম গুৰুত্বপূৰ্ণ অভিযুক্ত ডেভিদ কোলমেন হেডলীৰ সহায়ক ৰাণাক ভাৰতলৈ আনিবলৈ নতুন দিল্লীয়ে প্ৰায় ডেৰ দশক পূৰ্বে ৱাশ্বিংটনৰ ওচৰত আবেদন জনাইছিল। কিন্তু তাত সঁহাৰি লাভ কৰা নাছিল।
তাৰ পৰিৱৰ্তে পৰৱৰ্তী সময়ত তেওঁক জামিনত মুকলি কৰি দিয়া হয়। ভাৰতে ২০০৮ চনৰ ২৬ নৱেম্বৰত পাকিস্তানৰ পৰা ১০ জন লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদীৰ মুম্বাই আক্ৰমণৰ পৰিকল্পনাত ৰাণাক পোনপটীয়াকৈ জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে।
পৰৱৰ্তী সময়ত দ্বিপাক্ষিক প্ৰত্যৰ্পণ চুক্তিৰ অধীনত ভাৰতে পুনৰ ৰাণাক আমেৰিকাৰ পৰা ভাৰতলৈ প্ৰত্যৰ্পণৰ দাবী জনায়। তাৰ পিছত মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সন্দৰ্ভত ৰাণাক ২০২০ চনৰ জুনত পুনৰ গ্ৰেপ্তাৰ কৰা হৈছিল। ৰাণাই কেলিফোৰ্ণিয়াৰ এখন আদালতত জামিনৰ বাবে আবেদন কৰে যদিও ডেৰ বছৰ পূৰ্বে ইয়াক নাকচ কৰা হৈছিল। ফলত তেওঁৰ প্ৰত্যৰ্পণৰ পথ প্ৰশস্ত কৰিছিল।
উল্লেখ্য যে ২০০৮ চনৰ নৱেম্বৰত মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত শতাধিক লোক নিহত হৈছিল। সেই বছৰৰ ২৬ নৱেম্বৰত মুম্বাই আক্ৰমণত ১৬৬ জন লোক নিহত হৈছিল। নিহতসকলৰ ভিতৰত ছয়জন আমেৰিকান নাগৰিকো আছিল।
পাকিস্তানী মূলৰ এগৰাকী কানাডিয়ান নাগৰিক ৰাণা এই আক্ৰমণত জড়িত থকাৰ প্ৰমাণ পোৱা গৈছিল। তেওঁ দোষীও সাব্যস্ত হৈছিল। তেওঁ বৰ্তমান লছ এঞ্জেলছৰ কাৰাগাৰত বন্দী হৈ আছে।
ইফালে আমেৰিকান প্ৰশাসনেও ৰাণাক ভাৰতলৈ হস্তান্তৰ কৰিবলৈ সন্মত হয়।
কিন্তু বাৰে বাৰে আইনৰ ত্ৰুটিবোৰ ব্যৱহাৰ কৰি প্ৰত্যৰ্পণ এৰাই চলিবলৈ চেষ্টা কৰিছিল অভিযুক্ত ৰাণাই। ইখনৰ পিছত সিখন আদালতৰ দুৱাৰত টুকুৰিওৱাৰ পিছত অৱশেষত আমেৰিকাৰ উচ্চতম ন্যায়ালয়ত সকাহ নাপালে ৰাণাই।