আম আদমী পাৰ্টিৰ (Aam Aadmi Party) (আপ) নেতা তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে (Arvind Kejriwal) দিল্লী আৰক্ষীৰ বিৰুদ্ধে (Delhi Police) বিস্ফোৰক অভিযোগ (Explosive allegations against) উত্থাপন কৰিছে। আপৰ মুৰব্বীগৰাকীয়ে অভিযোগ কৰে যে দিল্লীত আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে দিল্লী আৰক্ষীয়ে বিজেপিক প্ৰচাৰ কাৰ্যত সহায় কৰি আছে। আনহাতে, আপৰ কৰ্মী আৰু সমৰ্থকসকলক ভাবুকি দিয়াৰো অভিযোগ। তেওঁলোকৰ সভা বাতিল কৰিবলৈ ‘ষড়যন্ত্ৰ’ কৰা বুলিও অভিযোগ কৰা হৈছে।

শেহতীয়াকৈ এক সংবাদমেলত কেজৰিৱালে বিজেপিৰ লগতে দিল্লী আৰক্ষীৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰে। দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনাও সংবাদমেলত উপস্থিত আছিল। তেওঁলোকে অভিযোগ কৰে যে দিল্লী আৰক্ষীয়ে নিৰ্বাচনৰ পূৰ্বে বিজেপিক নিৰ্বাচনী প্ৰচাৰত সহায় কৰি আছে।
“দিল্লী আৰক্ষী বিজেপিৰ সৈতে আছে। সাধাৰণ মানুহৰ সুৰক্ষাৰ বাবে কোনো নাই। এজন আৰক্ষী বিষয়াই ব্যক্তিগতভাৱে মোক কৈছিল যে তেওঁ আমাৰ সমদল ব্যাহত কৰিবলৈ গৃহ মন্ত্ৰালয়ৰ পৰা পোনপটীয়াকৈ নিৰ্দেশনা পাইছিল। দিল্লীৰ মানুহে ইয়াৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ থিয় দিব লাগিব আৰু বিজেপিক উপযুক্ত প্ৰত্যুত্তৰ দিব লাগিব।” কেজৰিৱালে কয়। তেওঁ লগতে আশংকা কৰে যে নিৰাপত্তাহীনতাৰ বাবে বহু লোকে এইবাৰ ভোটদানৰ পৰা বিৰত থাকিব পাৰে। বিজেপিক লক্ষ্য কৰি আপৰ মুৰব্বীয়ে কয়, “দিল্লীত পৰাজয় বিজেপিৰ বাবে এক ঐতিহাসিক পৰাজয়। সেইকাৰণে তেওঁলোকৰ সমৰ্থকসকলে আৰক্ষীৰ সমৰ্থনত গুণ্ডামি কৰে। আতিশীয়েও একেই অভিযোগ কৰে। তেওঁ অভিযোগ কৰে যে বিজেপিয়ে নিৰন্তৰভাৱে আপ সমৰ্থকসকলক ভাবুকি দি আহিছে।