ওপঙা সোণ নামে প্ৰখ্যাত তিমি মাছৰ বমিৰ (Whale Vomit) বিষয়ে জানেনে? অৱশ্যে এই তিমি মাছৰ বমিক এম্বাৰগ্ৰিছ নামে জনা যায়। কিন্তু এই তিমি মাছৰ বমিৰ হৈছে অসাধাৰণ মূল্য। যাৰ বাবে ইয়াৰ ওপৰত চোৰাং ব্যৱসায়ীৰ চকু।
এইবাৰ মহাৰাষ্ট্ৰত (Maharashtra) তিমিৰ বমিৰ সৈতে এজন চোৰাং ব্যৱসায়ী (Ambergris smuggling) ধৰা পৰে। তেওঁক মহাৰাষ্ট্ৰৰ থানেৰ পৰা গ্ৰেপ্তাৰ (Arrested from Thane) কৰা হয়। আৰক্ষীয়ে বুধবাৰে কয় যে অভিযুক্তৰ পৰা প্ৰায় ৫.৫ কিলোগ্ৰাম তিমিৰ বমি জব্দ (Whale’s vomit seized) কৰা হৈছে। ক’লা বজাৰত ইয়াৰ মূল্য হৈছে প্ৰায় ৫ কোটি। অভিযুক্ত নিতিন মাতান্না মোৰেলুৰ বিৰুদ্ধে বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। কিন্তু এই তিমিৰ বমি ক’ৰ পৰা অনা হৈছিল আৰু ইয়াক ক’ত বিক্ৰীৰ পৰিকল্পনা কৰা হৈছিল সেই বিষয়ে আৰক্ষীয়ে তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰি আছে।

তিমিৰ বমি নামে প্ৰসিদ্ধ এম্বাৰগ্ৰিছ হৈছে ধূসৰ বা ক’লা ৰঙৰ শিলৰ দৰে কঠিন পদাৰ্থ। ইয়াক সুগন্ধি তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰি তিমিৰ বমি ঔষধ প্ৰস্তুত কৰিবলৈ আৰু যৌন সমস্যাৰ চিকিৎসাৰ বাবেও ব্যৱহাৰ কৰা হয়। এই পদাৰ্থটো ক’লা বজাৰত উচ্চ মূল্যত বিক্ৰী কৰা হয়। চাহিদা আৰু উচ্চ মূল্যৰ বাবে ইয়াক ‘ওপঙা সোণ’ বুলিও কোৱা হয়।
আৰক্ষীয়ে জনোৱা অনুসৰি, বিষয়াসকলে গোপনীয় সূত্ৰৰ জৰিয়তে তিমিৰ বমিৰ চোৰাং ব্যৱসায়ৰ বিষয়ে তথ্য লাভ কৰে। সেই অনুসৰি তেওঁলোকে থানেৰ ৰাবোৰী অঞ্চলত অভিযান চলায়। তাত এজন বৃদ্ধ লোকৰ গতিবিধি নিৰীক্ষণ কৰি আৰক্ষীৰ মনত সন্দেহৰ সৃষ্টি হয়। তেওঁক আটক কৰি জেৰা কৰাৰ লগে লগে এই সন্দেহ অধিক দৃঢ় হয়। তাৰ পিছত তেওঁৰ কব্জাৰ পৰা প্ৰায় চাৰে পাঁচ কিলোগ্ৰাম এম্বাৰগ্ৰিছ জব্দ কৰা হয়। উল্লেখযোগ্য যে থানেত এনে ধৰণৰ ঘটনা পূৰ্বতেও সংঘটিত হৈছিল। যোৱা বছৰ ছেপ্তেম্বৰত থানে অপৰাধ শাখাই ৫.৫ কিলোগ্ৰাম তিমিৰ বমিৰ সৈতে তিনিজন চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছিল।