নিৰ্বাচনী প্ৰচাৰৰ মাজতে দিল্লীত উদ্ধাৰ বৃহৎ পৰিমাণৰ নগদ ধন (Delhi Election)। নিয়মিত নাকা তালাচীৰ সময়ত দিল্লীত এখন গাড়ীৰ পৰা উদ্ধাৰ কেইবা লাখ টকা। মঙলবাৰে নিশা দক্ষিণ দিল্লীৰ সঙ্গম বিহাৰ অঞ্চলৰ পৰা উদ্ধাৰ হয় নগদ ৪৭ লাখ টকা।

সংবাদ সংস্থা পিটিআইৰ মতে, আৰক্ষীৰ ষ্টেটিক চাৰ্ভিলেঞ্চ দলে (এছএছটি) মঙলবাৰে নিশা দক্ষিণ দিল্লীৰ সঙ্গম বিহাৰ অঞ্চলত বিভিন্ন বাহন ৰখাই তালাচী চলায়। সেই তালাচীতে এখন গাড়ীৰ উদ্ধাৰ হয় ইমান বৃহৎ পৰিমাণৰ নগদ ধন।
গাড়ীখন ৱাছিম মালিক নামৰ এজন ২৪ বছৰীয়া যুৱকে চলাই আহিছিল। জেৰাৰ সময়ত তেওঁ নিজকে এজন লৌহ আকৰিকৰ ব্যৱসায়ী হিচাপে চিনাকি দিয়ে। আৰক্ষীক তেওঁ সঙ্গম বিহাৰৰ বাসিন্দা বুলি জনায়। ইয়াৰ পিছত আৰক্ষীয়ে সন্দেহজনক লোকজনক সোধা-পোছা কৰিবলৈ আৰম্ভ কৰে।
অৱশ্যে, তেওঁৰ গাড়ীত উদ্ধাৰ হোৱা ইমান পৰিমাণৰ নগদ ধন ক’ৰ পৰা আহিছিল সেই বিষয়ে কোনো উত্তৰ দিব পৰা নাছিল। পিছত আৰক্ষীয়ে নগদ ধনৰ সৈতে গাড়ীখন জব্দ কৰে। যুৱকজনে ক’ৰ পৰা ইমান টকা পাইছিল জানিবলৈ এক তদন্ত আৰম্ভ কৰা হৈছে।
উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ৰাজধানীত বিধানসভা নিৰ্বাচন ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব। ভোটগণনা ৮ ফেব্ৰুৱাৰীত হ’ব। তাৰ পূৰ্বে ৰাজনৈতিক দলবোৰৰ প্ৰচাৰ আৰু প্ৰস্তুতি শীৰ্ষত আছে। দিল্লীত মূল যুঁজ হৈছে আপ, কংগ্ৰেছ আৰু বিজেপিৰ মাজত। দিল্লী বিধানসভাত ৭০ খন আসন আছে। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ আছিল ১৭ জানুৱাৰী।