শেহতীয়াভাৱে নিৰ্বাচনৰ সময়ত কিছু ব্যতিক্ৰম কাম কৰি আহিছে তেওঁ। কেতিয়াবা যদি তেওঁ কন্যাকুমাৰীত ধ্যানত বহিছে, কেতিয়াবা আকৌ কেদাৰনাথত। দুয়োবাৰেই লোকসভা নিৰ্বাচনৰ প্রচাৰ কাৰ্যৰ শেষত ধ্যানত বহা দেখা গৈছে নৰেন্দ্র মোদীক (PM Narendra Modi)। এইবাৰ দিল্লৰ বিধানসভা নির্বাচনৰ দিনা অৰ্থাৎ ৫ ফেব্রুৱাৰীৰ দিনটোকে কুম্ভত স্নান কৰাৰ বাবে নিৰ্বাচন কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে।

ইফালে এই দিন নিৰ্বাচনৰ আঁৰত ৰাজনীতিৰ গোন্ধ বহুতেই পাইছে। বিৰোধীৰ দাবী, এইবোৰ হিন্দুত্বৰ বার্তা দি ভোটাৰৰ মনক প্রভাবিত কৰাৰ চেষ্টা।
উল্লেখযোগ্য যে প্রায় এসপ্তাহ পূৰ্বে কুম্ভমেলা আৰম্ভ হৈছে। সূত্র মতে, স্নানৰ বাবে ৫ ফেব্রুৱাৰী দিনটোকে বাছি ল’ব বিচাৰে মোদীয়ে। কিন্তু সিদিনা কোনো বিশেষ স্নান নাই।
তৎসত্ত্বেও উক্ত দিনটো নিৰ্বাচন কৰাৰ আঁৰত স্পষ্ট ৰাজনীতি থকা বুলিয়েই বিৰোধীৰ বিশ্বাস। কিয়নো সেইদিনা দিল্লীত নিৰ্বাচন। কিন্তু মোদী যদি কুম্ভত সেইদিনা স্নান কৰিবলৈ যায়, তেনেহ’লে পুৱাৰ পৰা সমগ্র বৈদ্যুতিন মাধ্যমে প্রধানমন্ত্রীৰ সেই স্নানযাত্রা প্রচাৰ কৰিব। ভোটাৰক প্রভাবিত কৰাৰ উদ্দেশ্যেই এক গুলীত দুই চিকাৰৰ এই কৌশল বুলি বিৰোধীৰ মত।
আম আদমি পার্টিৰ এজন নেতাৰ মতে, “আচলতে দিল্লীৰ ভোটাৰসকলক উদ্দেশ্য কৰি হিন্দুত্বৰ বার্তা দিবলৈয়েই এই উদ্যোগ। কাৰণ নির্বাচন আয়োগৰ নিয়ম মতে নিৰ্বাচনৰ দিনা প্ৰচাৰ কৰিব নোৱাৰি। কিন্তু কুম্ভমেলাত স্নানৰ মাধ্যমেৰে পৰোক্ষভাৱে হিন্দুত্ব তথা বিজেপিৰ হৈ প্রচাৰ চলব মোদীয়ে।’’
উল্লেখযোগ্য যে মোদীৰ পূৰ্বেই ২৭ জানুৱাৰীত প্রয়াগ সঙ্গমত স্নান কৰিব কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে। আনহাতে, ১ আৰু ১০ ফেব্রুৱাৰীত কুম্ভমেলালৈ যোৱাৰ যোৱাৰ কথা আছে যথাক্রমে উপ-ৰাষ্ট্রপতি জগদীপ ধনখড় আৰু ৰাষ্ট্রপতি দ্রৌপদী মুর্মু।