বিশ্ব স্বাস্থ্য সংস্থা (World Health Organization) চমুকৈ হুৰ সৈতে আমেৰিকাৰ সম্পর্ক ছিন্ন (America’s relations snapped) কৰিলে নতুনকৈ দায়িত্ব লোৱা মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে (President Donald Trump)। সোমবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত বহিয়েই এই সিদ্ধান্ত তেওঁ গ্ৰহণ কৰে। শপত গ্রহণৰ আঠ ঘণ্টাৰ ভিতৰতেই এক নিৰ্দেশ জাৰি কৰে ট্ৰাম্পে। ‘দ্য নিউয়র্ক টাইমছ’ত প্ৰকাশিত বাতৰি অনুসৰি, হুৰ সৈতে সম্পর্ক ছিন্ন কৰাৰ কেইবাটাও কাৰণ তেওঁ উল্লেখ কৰিছে। তাৰ ভিতৰত অন্যতম হৈছে কৰোনা অতিমাৰী পৰিস্থিতি সঠিকভাৱে চম্ভালিব নোৱাৰাৰ অভিযোগ তুলিছে তেওঁ।

কৰোনা পৰিস্থিতিক লৈ দোষাৰোপ একমাত্র কাৰণ নহয়। ট্রাম্পৰ অভিযোগ, আমেৰিকাৰ ওচৰত ‘অন্যায়ভাৱে বৃহৎ পৰিমাণৰ ধন’ বিচাৰি দাবী কৰি আহিছে বিশ্ব স্বাস্থ্য সংস্থাই। কিন্তু চীনৰ পৰা তুলনামূলকভাৱে কম ধন লোৱা হয় বুলি দাবী কৰে আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতিয়ে। উল্লেখযোগ্য যে ৰাষ্ট্রসংঘৰ স্বাস্থ্য বিষয়ক শাখা সংগঠন হৈছে বিশ্ব স্বাস্থ্য সংস্থা। বিশ্বজুৰি স্বাস্থ্য সংক্ৰান্তীয় কোনো সঙ্কট বা উদ্বেগৰ পৰিস্থিতি চম্ভালাৰ ক্ষেত্রত সকলোতকৈ ডাঙৰ আন্তর্জাতিক মঞ্চ হৈছে হু। বিভিন্ন দেশৰ পৰা লাভ কৰা অনুদানেৰে চলে সংস্থাটো।
ইফালে সংবাদ মাধ্যম বিবিচিয়ে জনাইছে, জো বাইডেনৰ যুগত হু’ৰ বাবে সৰ্বাধিক বিত্তীয় সাহায্য দিছে আমেৰিকাই। ২০২৩ চনত হুৰ মুঠ বাজেটৰ এক পঞ্চমাংশই গৈছে আমেৰিকাৰ পৰা। তেনে অৱস্থাত হুৰ কাষৰ পৰা আমেৰিকা আঁতৰি গ’লে আর্থিক নাটনিৰ মুখতো পৰিব পাৰে সংস্থাটি।