আজি নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয় (Numaligarh Higher Secondary School)ত গুণোৎসৱ (Gunotsav)ৰ এক বিৰল দৃশ্যৰ সাক্ষী হয় সমগ্র অঞ্চল। ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ আজি প্রথম দিনা গোলাঘাট জিলাৰ অসমীয়া মাধ্যমৰ অগ্রণী বিদ্যালয় নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্র-ছাত্রীসকলে ইংৰাজী ভাষাত (English Language) বহি:মূল্যায়ক, অভিভাৱক-অভিভাৱিকা, স্থানীয় ৰাইজৰ উপস্থিতিত প্ৰাত:সভাৰ কাৰ্যসূচী পৰিৱেশন কৰে।

চাহ বাগিছা অঞ্চলৰ ছাত্র-ছাত্রীয়ে অধ্যয়ন কৰা বিদ্যালয়ৰ এনে দৃশ্য দেখি অভিভূত হয়।

ছাত্ৰ-ছাত্ৰীসকলে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি ৰাইজৰ মন জয় কৰে। চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰধান বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীয়ে সাতভনী নৃত্য পৰিৱেশন কৰি সম্বনয়ৰ বাৰ্তা প্ৰেৰণ কৰা দেখা যায়।