বছৰৰ আৰম্ভণিতে আন এটি খবৰে শোকাহত কৰিলে বোকাখাতবাসীক। বোকাখাত (Bokakhat)ৰ আধুনিক কুৰুৱাবাহী (Kuruwabahi) নিৰ্মাতাসকলৰ মাজৰ অন্যতম, অৱসৰপ্ৰাপ্ত শিক্ষক, খেলুৱৈ, নাট্যকাৰ, অভিনেতা পৰঙণীয়াৰ গোলোক চন্দ্ৰ বৰাৰ দেহাৱসান (Golok Chandra Bora passes away) ঘটিছে। প্ৰয়াত মাৰ্ক্সবাদী নেতা কমলেশ্বৰ ৰাজখোৱাৰ নেতৃত্বত আৰম্ভ হোৱা পৰিৱৰ্তন যুঁজৰ অন্যতম ৰণুৱা গোলোক চন্দ্ৰ বৰাই আজি সামৰিলে জীৱন নাট। দিনৰ ১-৩০ বজাত দেহাৱসান ঘটিছে বিশিষ্ট ব্যক্তি গৰাকীৰ। ৯৫ বৰ্ষিয়ান কুৰুৱাবাহীৰ মহীৰূহগৰাকীৰ দেহাৱসানে শোকগ্ৰস্ত কৰিছে বোকাখাতক।
প্ৰায় কুৰিখন ভাওনাৰ নাটকৰ লগতে ভালেকেইখন মঞ্চ নাটকলিখি এচাম নতুন অভিনেতা অভিনেত্ৰী সৃষ্টিত বিশেষ অৰিহণা আগ বঢ়াইছিল। সত্ৰৰ নামঘৰৰ মজিয়াৰ পৰা ৰাসক মঞ্চলৈ অনা সকলৰো অন্যতম আছিল বৰা। বৰ্তমান কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়, কুৰুৱাবাহী যুৱক সংঘ নাট্যমন্দ, পৰঙণীয়া হাইস্কুল, আৰ্যভট্ট প্ৰাথমিক বিদ্যালয়, ঐতিহাসিক হেমবৰা স্মৃতি ফুটবলৰ শুভাৰম্ভ কৰা সকলৰো অন্যতম আছিল এইগৰাকী বৰেণ্য।

কুৰুৱাবাহী সমবায় আন্দোলন, গড়াখহনীয়া প্ৰতিৰোধ আন্দোলনৰ এগৰাকী আগৰণুৱা ব্যক্তি। খুহুতীয়া বাৰ্তালাপেৰে সৰ্বজন সমাদৃত এইগৰাকী বিশিষ্ট ব্যক্তিৰ দেহাৱসানৰ খবৰ বিয়পি পৰাৰ লগে লগে অজস্ৰ গুণমুগ্ধ সমবেত হয়।
পুষ্প সজ্জিত বাহনত তেখেতৰ নশ্বৰ দেহ কুৰুৱাবাহী যুৱক সংঘ, কুৰুৱাবাহী উচ্চতৰত মাধ্যমিক বিদ্যালয়লৈ নিয়া হয় আৰু সেই স্থানসমূহত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু অজস্ৰ গুণমুগ্ধই শেষ শ্ৰদ্ধা তৰ্পণ কৰে। মৃত্যুৰ সময়ত প্ৰয়াতগৰাকীয়ে দুগৰাকী পুত্ৰ আৰু এগৰাকী জীয়ৰী, নাতি-নাতিনী এৰি থৈ গৈছে।