আব্ৰাহাম লিংকনে যিখন বাইবেলত হাত ৰাখি শপত গ্ৰহণ কৰিছিল, প্ৰথা অনুসৰি সোমবাৰে সেইখন বাইবেলতে হাত ৰাখি আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি (47th President of the United States) হিচাপে শপত গ্ৰহণ (Swearing) কৰিব ড’নাল্ড ট্ৰাম্পে (Donald Trump)। কিন্তু পৰম্পৰা অনুসৰি এইবাৰ শপত গ্ৰহণ অনুষ্ঠান কোনো মুকলি ঠাইত নহয়, তাৰ পৰিৱৰ্তে অনুষ্ঠিত হ’ব বন্ধ ঠাইত।
আমেৰিকাৰ বতৰ বিজ্ঞান কাৰ্যালয়ৰ তথ্য অনুসৰি, ৱাশ্বিংটন ডিচিত সোমবাৰে শীতপ্ৰবাহ অনুভৱ হোৱাৰ সম্ভাৱনা আছে। ঠাণ্ডা বতাহৰ সৈতে বৰফ পৰিবও পাৰে। সেয়েহে পৰম্পৰা অনুসৰি ড’নাল্ড ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠান কেপিটল ভৱনৰ বাগিচাত আয়োজন কৰিব নোৱাৰি। শুকুৰবাৰে প্ৰকাশ কৰা এক চৰকাৰী বিজ্ঞপ্তি অনুসৰি, সোমবাৰে আবেলি কেপিটল ভৱনৰ ৰোটুণ্ডাত ট্ৰাম্প আৰু উপ-ৰাষ্ট্ৰপতি (Vice President) নিৰ্বাচিত জে ডি ভেন্সে (J. D. Vance) শপত গ্ৰহণ কৰিব (Take oath)।

আমেৰিকাৰ সংবাদ মাধ্যম চিএনএনৰ মতে, ট্ৰাম্পৰ সন্মানত আয়োজিত পেৰেড কেপিটল ৰোটুণ্ডাতে অনুষ্ঠিত হ’ব। শপত গ্ৰহণ অনুষ্ঠানৰ স্থান পৰিৱৰ্তন সন্দৰ্ভত ট্ৰাম্পে কয়, “ৱাশ্বিংটনত তীব্ৰ ঠাণ্ডাৰ আগজাননী দিয়া হৈছে, যিটো সঁচাকৈয়ে বিপদজনক। সেয়েহে এই সিদ্ধান্ত।”
উল্লেখযোগ্য যে ২০১৭ চনৰ ২০ জানুৱাৰীত ৰাষ্ট্ৰপতি ট্ৰাম্পে প্ৰথমবাৰৰ বাবে কেপিটল গাৰ্ডেনতে শপত গ্ৰহণ কৰিছিল ঠাণ্ডা বতাহ আৰু বৰষুণকো নেওচি।