অহা ৩১ জানুৱাৰী (31 January)ত আৰম্ভ হ’ব সংসদৰ বাজেট অধিবেশন (Budget Session of Parliament)। সংসদৰ বাজেট অধিবেশনৰ প্ৰথম অংশ ১৩ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ’ব। চৰকাৰী সূত্ৰ অনুসৰি, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে (Finance Minister Nirmala Sitharaman) ২০২৫-২৬ বিত্তীয় বৰ্ষৰ (Financial year 2025-26) বাজেট (Budget) ১ ফেব্ৰুৱাৰীত সংসদত উপস্থাপন কৰাৰ সম্ভাৱনা আছে। বিত্ত মন্ত্ৰালয়ৰ এক সূত্ৰই শনিবাৰে এই কথা প্ৰকাশ কৰিছে।

নৰেন্দ্ৰ মোডী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট এইবাৰ উপস্থাপন কৰা হ’ব। যোৱা বছৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আংশিক বাজেট দাখিল কৰিছিল। এইবাৰ সীতাৰমণে অষ্টমবাৰৰ বাবে বিত্ত মন্ত্ৰী হিচাপে কেন্দ্ৰীয় বাজেট উপস্থাপন কৰিব।
বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে পৰৱৰ্তী বাজেট অধিবেশনত সংসদত আয়কৰ আইন সংশোধনৰ বাবে এখন বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে। কেন্দ্ৰই দাবী কৰিছে যে ই আয়কৰ ব্যৱস্থাসমূহ সৰল কৰিব। মূল্য বৃদ্ধিৰ কথা মনত ৰাখি, বাজেটত আয়কৰ হাৰ হ্ৰাস বা পৰিৱৰ্তন কৰাৰ বাবে বিভিন্ন মহলৰ পৰা দাবী কৰা হৈছে। অনুমান কৰা হৈছে যে চৰকাৰে এই বছৰৰ বাজেটত জনসাধাৰণক অধিক ধন দি বজাৰত চাহিদা বৃদ্ধি কৰাৰ দিশত খোজ পেলাব পাৰে।