কাৰোবাৰ বিৰুদ্ধে আত্মহত্যাত প্ৰৰোচিত কৰাৰ গোচৰ ৰুজু কৰাৰ ক্ষেত্ৰত বিষয়টো সংবেদনশীলভাৱে চোৱাৰ প্ৰয়োজন। উচ্চতম ন্যায়ালয়ে (Supreme Court) শুকুৰবাৰে এই কথা কয়। শীৰ্ষ আদালতে কয় যে আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ গোচৰ কেৱল মৃতকৰ শোকসন্তপ্ত পৰিয়ালৰ বেদনা উপশম কৰিবলৈয়ে তৰিব নালাগে।

উচ্চতম ন্যায়ালয়ে তদন্তকাৰী সংস্থাসমূহক এইটো নিশ্চিত কৰিবলৈও কয় যে সম্পূৰ্ণ অযৌক্তিক কাৰণত এনে ক্ষেত্ৰত আইনৰ দ্বাৰা যাতে কাৰো অপব্যৱহাৰ নহয়। আদালতৰ মতে, তদন্তকাৰী সংস্থাসমূহে এই ক্ষেত্ৰত অধিক সাৱধান হোৱা উচিত। শীৰ্ষ ন্যায়ালয়ে লগতে কয় যে এনে ক্ষেত্ৰত অনুসন্ধানকাৰীসকলে গা এৰা দি চলা উচিত নহয়।
মধ্যপ্ৰদেশৰ এক ঘটনাত অভিযুক্তৰ বিৰুদ্ধে আত্মহত্যাত প্ৰৰোচনাৰ গোচৰ ৰুজু কৰিছিল আৰক্ষীয়ে। মৃতকৰ আত্মহত্যাৰ পিছত এখন ‘ছুইচাইড নোট’ উদ্ধাৰ কৰা হৈছিল। তাত ঋণ পৰিশোধ কৰিবলৈ অভিযুক্তক হেঁচা দিয়া আৰু হাৰাশাস্তি কৰাৰ ইঙ্গিত আছে।
আৰক্ষীৰ তদন্তত কেইবাজনো সাক্ষীৰ বিবৃতিতো এই অভিযোগ পোহৰলৈ আহে। ইয়াৰ ওপৰত ভিত্তি কৰিয়ে আৰক্ষীয়ে আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ এটা গোচৰ ৰুজু কৰে। অভিযুক্তই প্ৰথমতে গোচৰটোৰ পৰা অব্যাহতি বিচাৰি মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ কাষ চাপে। কিন্তু তাত এই আবেদন খাৰিজ হোৱাৰ পিছত তেওঁ উচ্চতম ন্যায়ালয়লৈ যায়।
ন্যায়াধীশ অভয় এছ একা আৰু কে ভি বিশ্বনাথনৰ বিচাৰপীঠে শুকুৰবাৰে গোচৰটোৰ শুনানি গ্ৰহণ কৰে।
দুই ন্যায়াধীশৰ বিচাৰপীঠে কয় যে ঘটনাটো চাই এনে লাগিছে যেন আৰক্ষীয়ে চিন্তা-ভাবনা নকৰাকৈয়ে ভাৰতীয় দণ্ডবিধিৰ ৩০৬ ধাৰা (আত্মহত্যাৰ প্ৰৰোচনা) প্ৰয়োগ কৰিছিল।
প্ৰকৃত গোচৰটোৰ ক্ষেত্ৰত অভিযুক্তক কেতিয়াও এই গোচৰৰ পৰা অব্যাহতি দিয়া উচিত নহয়। অৱশ্যে কেৱল শোকসন্তপ্ত পৰিয়ালটোক শান্ত কৰাৰ বাবে আইনৰ এই ধাৰাৰ অধীনত যিকোনো লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাটো অনুচিত।
আদালতে লগতে কয় যে এনে ক্ষেত্ৰত অভিযুক্ত আৰু মৃতকৰ পৰিয়ালৰ আচৰণ, মৃত্যুৰ আগতে তেওঁলোকৰ মাজৰ সম্পৰ্ক, ব্যৱহাৰিক দৃষ্টিকোণৰ পৰা তেওঁলোকৰ মাজত হোৱা কথোপকথনৰ বিষয়ে বিবেচনা কৰা উচিত।
উচ্চতম ন্যায়ালয়ে কয় যে আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ গোচৰ ৰুজু কৰাৰ বাবে অভিযুক্তৰ দ্বাৰা প্ৰৰোচিত হোৱাৰ প্ৰাথমিক প্ৰমাণ থাকিব লাগিব। অভিযুক্তজনৰ আত্মহত্যাৰ দিশত সক্ৰিয় ভূমিকা থাকিব লাগিব। অৱশ্যে আদালতে কয় যে মধ্যপ্ৰদেশৰ গোচৰত অভিযুক্তৰ বিৰুদ্ধে আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ গোচৰ ৰুজু কৰাৰ কোনো কাৰণ পোৱা নাই।