লক্ষ্ণৌত নিজৰ ঘৰৰ পৰা অলপ দূৰৈৰ এটা পথত উদ্ধাৰ এগৰাকী যুৱতীৰ (Lucknow Murder) মৃতদেহ। আৰক্ষীয়ে জনোৱা অনুসৰি, শুকুৰবাৰে নিশা লক্ষ্ণৌৰ পিজিআই অঞ্চলত এগৰাকী মহিলা আহত আৰু অচেতন অৱস্থাত পৰি থকা স্থানীয় লোকে প্ৰত্যক্ষ কৰে। লগে লগে তেওঁলোকে আৰক্ষীক খবৰ দিয়ে।

আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হৈ তেওঁক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। আৰক্ষীয়ে জনোৱা অনুসৰি, মৃত যুৱতীগৰাকীক গীতা শৰ্মা বুলি চিনাক্ত কৰা হৈছে। তেওঁ পিজিআই অঞ্চলৰে বাসিন্দা বুলি জানিব পৰা গৈছে। তেওঁৰ শৰীৰৰ বিভিন্ন অংশত আঘাতৰ চিন পোৱা গৈছে।
প্ৰাথমিকভাৱে আৰক্ষীয়ে সন্দেহ কৰিছে যে যুৱতীগৰাকীক আন কোনো ঠাইত হত্যা কৰি ৰাস্তাত পেলাই থৈ যোৱা হৈছে। গীতা ৰিয়েল ইষ্টেট ব্যৱসায়ত জড়িত আছিল। সেয়ে অনুসন্ধানকাৰীসকলে এই ব্যৱসায়ৰ সৈতে সম্পৰ্কিত কোনো ঘটনা আছে নেকি তাৰ তদন্ত কৰিছে।
আনহাতে, যুৱতীগৰাকীৰ পৰিয়ালে তেওঁৰ লিভ-ইন সঙ্গীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰিছে। ভুক্তভোগীৰ ভাতৃ লালচান্দে অভিযোগ কৰে যে তেওঁৰ ভগ্নীৰ লিভ-ইন সঙ্গী গিৰিজা শংকৰে তেওঁক হত্যা কৰিছে। তেওঁ এই সন্দৰ্ভত এক অভিযোগো দাখিল কৰে।
লক্ষ্ণৌৰ অতিৰিক্ত আৰক্ষী উপায়ুক্ত (পূব) পংকজ সিঙে কয় যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত শৰীৰৰ বহু ঠাইত আঘাতৰ চিহ্ন দেখা গৈছে। সেই আঘাতৰ ফলতে তেওঁৰ মৃত্যু হৈছিল। কোনো দুৰ্ঘটনাৰ বাবে এই আঘাত নে আঘাত কৰি তেওঁক হত্যা কৰা হৈছে তাৰ অনুসন্ধান কৰা হৈছে ।
লালচান্দে দাবী কৰে যে গিৰিজা শংকৰে তেওঁক ফোন কৰি কৈছিল যে তেওঁৰ ভগ্নী দুৰ্ঘটনাত পতিত হৈছে। তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে, যুৱতীগৰাকীৰ ১ কোটি টকাৰ বীমা আছে। আৰু সেই বীমাৰ মনোনীত ব্যক্তি হৈছে গিৰিজা শংকৰ। লালচান্দে অভিযোগ কৰে ভগ্নীৰ বীমাৰ ধনৰ বাবেই তেওঁক হত্যা কৰা হৈছে।