শনিবাৰে পুৱা ডিমা হাছাওৰ উমৰাংছ’ৰ 19 কিলোত সংঘটিত হয় এক স্কুল বাছ দুৰ্ঘটনা (Umrangso Accident)। এ এছ-০৮-চি ২২৯২ নম্বৰৰ স্কুল বাছখনৰ দুৰ্ঘটনাত ডালিমিৰ ৰংহাংপি নামৰ এগৰাকী ছাত্ৰী নিহত হয়। আনহাতে, আন ১৫ গৰাকী ছাত্ৰ-ছাত্ৰী আহত হয়। জানিব পৰা মতে, ইয়াৰে তিনিগৰাকীৰ অৱস্থা সংকটজনক।

আহত ছাত্ৰ-ছাত্ৰীসকলক উমৰাংছ’ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। উমৰাংছ’ চহৰৰ পৰা বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক লৈ যোৱা বাছখন চহৰখনৰ পৰা ৭ কিলোমিটাৰ দূৰৈত 19 কিলোত পথৰ পৰা বাগৰি পৰে। এই দুৰ্ঘটনাত নিহত ছাত্ৰীগৰাকী ছেক্ৰেড হাৰ্ট স্কুলৰ ডালিমিৰ ৰংহাংপি বুলি জানিব পৰা গৈছে।
ইয়াৰ উপৰি সৰস্বতী বিদ্যা মন্দিৰৰ মিলান তেৰনপি নামৰ এগৰাকী ছাত্ৰীসহ তিনিগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটোত আহত এগৰাকী ছাত্ৰীয়ে জানিবলৈ দিয়া মতে বাছখনৰ চালকজনৰ ভুলৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হয়।