১৫ মাহৰ অস্থিৰ অৱস্থাৰ পিছত অৱশেষত পশ্চিম এছিয়ালৈ শান্তি ঘূৰি অহাৰ পৰিৱেশ সৃষ্টি হৈছে। ইজৰাইল কেবিনেটে পেলেষ্টাইনী সশস্ত্ৰ গোট হামাছৰ (Hamas Israel Ceasefire) সৈতে যুদ্ধবিৰতি চুক্তিত আনুষ্ঠানিকভাৱে অনুমোদন জনাইছে।

হামাছে চুক্তিৰ চৰ্তাৱলীৰ অধীনত বন্দীসকলক মুক্তি দিবলৈও সন্মত হৈছে। চুক্তিখন দেওবাৰৰ পৰা কাৰ্যকৰী হ’ব।ইজৰাইল আৰু হামাছে বুধবাৰে নিশা আমেৰিকা আৰু ইজিপ্তৰ মধ্যস্থতাত কাটাৰত যুদ্ধবিৰতিৰ বাবে সন্মত হয়।
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ কেবিনেটে শুকুৰবাৰে এই বিষয়ে সিদ্ধান্ত ল’বলৈ মিলিত হয়। তাৰ পিছতে যুদ্ধবিৰতি চুক্তিত সেউজ সংকেত দিয়া হৈছে। বৈঠকৰ পিছত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক বিবৃতিত কয়, “চৰকাৰে বন্দীসকলক ঘূৰাই অনাৰ প্ৰক্ৰিয়াত সন্মত হৈছে। প্ৰক্ৰিয়াটো দেওবাৰে আৰম্ভ হ’ব। ’’
হামাছৰ সৈতে হোৱা চুক্তিত তিনিটা স্তৰৰ যুদ্ধবিৰতিৰ আহ্বান জনোৱা হৈছে। ইজৰাইলী বন্দীসকলক মুকলি কৰাৰ উপৰি দুয়োপক্ষই মানৱীয় ভিত্তিত গাজাত প্ৰৱেশ কৰিবলৈও সন্মত হয়। অৱশ্যে নেতানিয়াহুৰ কেবিনেটৰ কিছুসংখ্যকে এই যুদ্ধবিৰতি চুক্তিত সন্মত হোৱা নাই। তেওঁলোকে ইয়াক হামাছৰ ওচৰত আত্মসমৰ্পণ বুলি উল্লেখ কৰিছে।
ইজৰাইলৰ ৰাষ্ট্ৰীয় সুৰক্ষা মন্ত্ৰী ইটামাৰ বেন-ভিৰে চুক্তিখন কাৰ্যকৰী হ’লে পদত্যাগ কৰাৰো ভাবুকি দিছে। বিত্ত মন্ত্ৰী বেজালেল স্মাট্ৰিচে কৈছে যে যদি যুদ্ধবিৰতি ছয় সপ্তাহতকৈ অধিক সময় থাকে তেন্তে তেওঁ চৰকাৰৰ পৰা ওলাই যাব।
কিন্তু বিৰোধিতা সত্ত্বেও কেবিনেটে অৱশেষত যুদ্ধবিৰতিৰ বাবে সন্মত হয়। ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি, বৈঠকৰ পিছত মেকগুৰ্কে কয়, “আমি চুক্তিখনৰ সকলো বিৱৰণ আলোচনা কৰো। আমি এই বিষয়ে আশাবাদী, আত্মবিশ্বাসী। চুক্তিখন দেওবাৰে কাৰ্যকৰী হ’ব।’’