ঘৰতে তেওঁ ধ্যান কৰিবলৈ আৰম্ভ কৰিছিল। লগে লগে চিন্তিত হৈ পৰিছিল পৰিয়ালটো। সেয়ে পুত্ৰক সাংসাৰিক বান্ধোনলৈ আনিবলৈ বিয়াৰ কথা আলোচনা হৈছিল। কিন্তু তেতিয়ালৈকে সন্তান সম্পূৰ্ণৰূপে বৈৰাগী হৈ পৰিছিল।

তাৰ পিছত এঘাৰ মাহ ধৰি ঘৰৰ পৰা নিৰুদ্দেশ। আনহাতে, কথা পাতিবলৈ জোৰ দিয়াৰ বাবে তেওঁ পিতৃ-মাতৃ আৰু ভনীয়েকৰ ফোন নম্বৰ ‘ব্লক’ কৰাৰো ছয় মাহ হ’ল।
কিন্তু যেতিয়া ছচিয়েল মিডিয়াত তেওঁৰ বিষয়ে চৰ্চা আৰম্ভ হ’বলৈ ধৰে, পিতৃ-মাতৃয়ে তেওঁৰ সন্ধানত হাৰিয়ানাৰ ঝাজ্জৰ জিলাৰ শাচৰৌলি গাঁৱৰ পৰা প্ৰয়াগৰাজৰ কুম্ভমেলালৈ ঢপলিয়াই আহে। কিন্তু তেতিয়ালৈকে পুনৰ অন্তৰ্ধান হৈ পৰে ‘আই আই টিয়ান বাবা’ (IITian Baba) নামেৰে জনাজাত অভয় সিং । এয়া হৈছে শেহতীয়াভাৱে কুম্ভমেলাত চৰ্চাৰ বিষয় হৈ পৰা ‘আই আই টিয়ান বাবা’ৰ কাহিনী ।
কিন্তু কুম্ভমেলা এৰাৰ পূৰ্বে আই আই টিয়ান বাবাই এক সাক্ষাৎকাৰত উল্লেখ কৰিছিল যে তেওঁৰ এটা সময়ত প্ৰেমতো পৰিছিল। চাৰি বছৰ ধৰি আছিল প্ৰেম। কিন্তু পৰিয়ালৰ পৰা গোটেই সময় ধৰি কথা শুনি শুনি তেওঁ বহু পূৰ্বেই সিদ্ধান্ত লৈছিল যে তেওঁ কেতিয়াও বিয়া নকৰায়।
ইফালে আখৰাৰ সাধুসকলে কয় যে সাংবাদিকৰ প্ৰশ্ন আৰু ইণ্টাৰনেটৰ কোলাহলত অতিষ্ঠ হৈ ‘আই আই টিয়ান বাবা’ই কিছু শান্তিৰ সন্ধানত ওলাই গৈছে । কিন্তু ক’লৈ গৈছে সেয়া কোনেও নাজানে।