‘চায়ৱালা বাবা’, ‘আই আই টিয়ান বাবা’, ‘মাস্কুলাৰ বাবা’ৰ পিছত এইবাৰ আন এজন বাবাই প্ৰয়াগৰাজৰ কুম্ভমেলাত (Kumbh Mela in Prayagraj) সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। তেওঁ হৈছে ‘কবুতৰ বাবা’ (Pigeon Baba) প্ৰকৃততে তেওঁ হৈছে মহন্ত ৰাজপুৰীজী মহাৰাজ। তেওঁৰ মূৰৰ ওপৰত সদায় এটা বগা কপৌ বহি থাকে। কপৌটোৱে মূৰত বাহ সাজিছে। বিগত ন বছৰ ধৰি ৰাজপুৰীজী মহাৰাজৰ মূৰত কপৌটো আছে বুলি তেওঁ দাবী কৰে। সেইকাৰণে তেওঁ কুম্ভমেলাত ‘কবুতৰ বাবা’ হিচাপে পৰিচিত হৈছে।

‘কবুতৰ বাবা’ই কয় যে তেওঁৰ কপৌটোৰ নাম হৰি পুৰী। “এই কপৌটো আঠৰ পৰা ন বছৰ ধৰি মোৰ নিৰন্তৰ সংগী হৈ আহিছে।” তেওঁ কয়। কপৌটোক সকলো সময়তে তেওঁৰ মূৰত বহি থকা দেখা যায়। এনেকুৱা লাগে যেন কপৌটোৱে মূৰত বাহ সাজি আছে। বাবাৰ মতে, কপৌটো প্ৰেম আৰু সম্প্ৰীতিৰ প্ৰতীক।

উল্লেখযোগ্য যে কুম্ভমেলা আৰম্ভ হোৱাৰ লগে লগে কেইবাজনো ‘বাবা’ক লৈ কৌতুহলৰ সৃষ্টি হৈছে। তাৰে ভিতৰত আছে ‘চায়ৱালা বাবা’। কিন্তু তেওঁ অৱশ্যে চাহ বিক্ৰী নকৰে। কিন্তু চাহ হৈছে তেওঁৰ ক্ষুধা নিবাৰণৰ একমাত্ৰ উপায়। সেইকাৰণে তেওঁক ‘চায়ৱালা বাবা’ বুলি জনা যায়। জানিব পৰা মতে তেওঁ ৪১ বছৰ ধৰি মৌনী হৈ আছে। অৱশ্যে, তেওঁৰ মনোযোগ আকৰ্ষণ কৰা কথাটো হ’ল যে তেওঁ মেলা চৌহদত বহি থকাৰ সময়ত অসামৰিক সেৱাৰ প্ৰাৰ্থীসকলক বিনামূলীয়াকৈ অনলাইনত শিকাই থাকে।

আন এগৰাকী বাবা হ’ল ‘আই আই টিয়ান বাবা’। ভক্তসকলে হাস্যমুখৰ এই ডেকা সাধুজনৰ নাম তেনেদৰে দিছে। কাৰণ তেওঁ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজীত (আই আই টি) অধ্যয়ন কৰিছিল। তাৰ পিছত তেওঁ আধ্যাত্মিকতাৰ পথ বাছি লয়। একেদৰে ৰাছিয়াৰ পৰা আহিছে ৭ ফুট ওখ পেশীবহুল ‘মাচকুলাৰ বাবা’ (Macular Baba)।