তামিলনাডু (Tamil Nadu)ৰ এক অন্যতম লোক উৎসৱ হৈছে জাল্লিকাট্টু (Jallikattu) বা ষাঁড়গৰু যুঁজ প্রতিযোগিতা (Bull fight competition)। এই প্ৰতিযোগিতাৰ সময়ত তামিলনাডুৰ বিভিন্ন ঠাইত এদিনতে সাতজন লোকৰ মৃত্যু (Seven people died) হয়। আনহাতে, ৪০০ ৰো অধিক (More than 400) লোক আহত (People were injured) হয়। কেৱল সেয়াই নহয়, এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দুটা ষাঁড়ৰো মৃত্যু (Two bulls also died) হয়।
মাদুৰাইৰ আলাঙ্গানাল্লুৰত এই প্ৰতিযোগিতাৰ সময়ত এজন দৰ্শক এটা ষাঁড়ৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈছিল। তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। আনহাতে, শিৱগঙ্গাত এজন দৰ্শক, এটা ষাঁড়ৰ মালিক আৰু এটা ষাঁড়ৰ মৃত্যু হয়।

ইফালে কাৰুৰৰ এজন ৬৬ বছৰীয়া দৰ্শকক ষাঁড়গৰুৱে খুন্দা মৰাৰ ফলত বুকুত গুৰুতৰ আঘাত পাই ঘটনাস্থলীতে তেওঁৰ মৃত্যু হয়। পুডুকোট্টাই আৰু ৰাজ্যৰ অন্যান্য প্ৰান্ততো পৃথক ঘটনাত আৰু তিনিজন লোক নিহত হয়। উল্লেখযোগ্য যে জাল্লিকাট্টু ১৬ জানুৱাৰীত কান্নুম পোংগল দিৱস উপলক্ষে মাদুৰাইত উদযাপন কৰা হয়। অনুষ্ঠানটো উপভোগ কৰি থকাৰ সময়ত প্ৰায় ৭০ জন দৰ্শক আহত হোৱাৰ খবৰ পোৱা গৈছে। তেওঁলোকৰ কিছুমানৰ অৱস্থা সংকটজনক।
আনহাতে, পুডুকোট্টাই জিলাত এই প্রতিযোগিতাৰ সময়ত প্রতিযোগীসহ দহজনৰো অধিক লোক আহত হয়। ইফালে, এই একেখন জিলাৰেই আন এক প্রান্তত ১৯ জন লোক আহত হোৱা বুলি প্রশাসনৰ সূত্রত প্ৰকাশ।