ৰাজ্য চৰকাৰ (State Government)ৰ বছৰটোৰ প্ৰথমখন কেবিনেট (Cabinet) বৃহস্পতিবাৰে মৰিগাঁৱত (Morigaon) অনুষ্ঠিত হয়। এই কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ (Important decision-making) কৰা হয়।
উল্লেখযোগ্য যে সাধাৰণতে যিখন জিলাত ৰাজ্যিক কেবিনেট অনুষ্ঠিত হয়, সেই জিলাখনে বহু প্ৰকল্প লাভ কৰে। এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই।
মুখ্যমন্ত্ৰীয়ে মৰিগাঁও কেবিনেটৰ সিদ্ধান্ত ঘোষণা কৰি কয়, “আজি মৰিগাঁৱত অনুষ্ঠিত অসম কেবিনেটৰ বৈঠকত জিলাখনৰ ৰূপান্তৰৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সামগ্ৰিক উন্নয়ন আৰু কল্যাণ সাধন কৰি কেবিনেটৰ সিদ্ধান্তমর্মে জিলাখন ২৯২ কোটি টকাৰ উন্নয়নী প্ৰকল্পৰে সমৃদ্ধ হ’ব।”

মৰিগাঁৱত অনুষ্ঠিত বছৰৰ প্রথমখন ৰাজধানীৰ বাহিৰৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে-
• মহিলা উদ্যমিতা আঁচনি, আত্মনির্ভৰ অসম আদিৰ দৰে গুৰুত্বপূৰ্ণ আঁচনি ৰূপায়ণৰ বাবে ২০০০ কোটি টকা অনুমোদন
* এপিজিচিএলত ৰাজ্যৰ মূলধনী অংশ ৬ হাজাৰ কোটিলৈ বৃদ্ধি
* অংগনৱাড়ী ব্যৱস্থাপনা সমিতিৰ বাবে নিৰ্দেশনা অনুমোদন
* বিটিআৰ উন্নয়নৰ বাবে ৪০১.৫ কোটি টকা অনুমোদন