অসম চৰকাৰৰ অভিলাষী শিক্ষা আঁচনিৰ অধীনত ৫০০ খন বিদ্যালয়ৰ ভৱন অত্যাধুনিক ৰূপত আৰু সকলো উন্নত সা-সুবিধা উপলব্ধ হোৱাকৈ পুনৰ নিৰ্মাণৰ প্ৰকল্প হাতত লোৱা হৈছে।

তাৰে অধীনত ইতিমধ্যে প্ৰায় ৪০০ খন বিদ্যালয়ৰ ভৱন পুনৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে। তাৰে ভিতৰত প্ৰথমখন বিদ্যালয়ৰ নৱনিৰ্মিত ভৱন বুধবাৰে উদ্বোধন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। মহাৰজত জয়ন্তীৰ প্ৰাকক্ষণত বুধবাৰে কামৰূপ জিলাৰ বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অত্যাধুনিক ভৱনটো উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে।
ভৱনটো উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয়, “আমাৰ চৰকাৰী মাধ্যমৰ শিক্ষার্থীসকলক উৎকৃষ্ট মানৰ আন্ত:গাঁথনিৰ সুবিধা প্রদানেৰে শিক্ষা ব্যৱস্থাত নতুনত্বৰ সূচনা কৰিবলৈ আমি কৰা প্রয়াসৰ আজি উল্লেখনীয় দিন। পৰম উৎসাহেৰে আজি পুনর্নির্মাণ প্রকল্প সম্পন্ন হোৱা বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়খনি উৎসৰ্গা কৰাৰ সৌভাগ্য লাভ কৰোঁ।”
তেওঁ লগতে কয়, “ভাৰতে স্বাধীনতা লাভৰ বর্ষতে স্থাপিত এই বিদ্যালয়খন ৮ কোটি টকা ব্যয়েৰে সম্পূৰ্ণ এক নব্য ৰূপেৰে নির্মাণ কৰা হৈছে আৰু আধুনিক পৃথিৱীৰ প্ৰয়োজনীয়তাৰ প্রতি লক্ষ্য ৰাখি শিক্ষাৰ্থীসকলে এক সামগ্ৰিক বিকাশৰ পৰিৱেশ পাব পৰাকৈ স্মাৰ্ট শ্ৰেণীকোঠা, স্মাৰ্ট লেব, খেলপথাৰ আদি সকলো সুবিধাৰে সুসজ্জিত।”
অসম চৰকাৰৰ শিক্ষাৰ ক্ষেত্ৰত পৰিকল্পনাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “আজিৰ শুভাৰম্ভণিৰ লগে লগে ২০২৫ চনত এনে ধৰণৰ আৰু ৪৯৯খন বিদ্যালয় উৎসর্গা কৰিবলৈ আমি আগবাঢ়িছোঁ। এই নতুন বিদ্যালয়সমূহে ৰাজ্য শিক্ষা ব্যৱস্থাত এক বিপ্লৱ আনিব বুলি গভীৰভাৱে বিশ্বাসী। আমাৰ লক্ষ্য হৈছে— দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ শিশুসকলৰ সবলীকৰণৰ বাবে অহা ৫ বছৰত এনে ৫,০০০ বিদ্যালয় নিৰ্মাণ কৰা।”
তেওঁ লগতে কয়, “অসমৰ দৰে এখন ৰাজ্যৰ বাবে আধুনিক আন্তঃগাঁথনিৰ সৈতে বিদ্যালয় নিৰ্মাণৰ বাবে ৪,০০০ কোটি টকা বিনিয়োগ কৰাটো কেইবছৰমান আগলৈকে কল্পনা কৰিব নোৱৰা বিষয় আছিল, কিন্তু আজি অংগনৱাড়ী কেন্দ্র, উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মহাবিদ্যালয়-বিশ্ববিদ্যালয়লৈকে; চিকিৎসা মহাবিদ্যালয় আৰু আই আই এমলৈকে অসমে দেশবাসীৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে।”